মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোগীৰ- চীনা সংস্কৰণঃ তেজস্বী যাদৱ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোগীৰ- চীনা সংস্কৰণঃ তেজস্বী যাদৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাৰ অধিৱেশনৰ সময়ত নামাজ বিৰতি কৰ্তন কৰাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দেশৰ ভিন্ন মহলে, বিশেষকৈ ৰাজনৈতিক নেতাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী তথা আৰজেডি নেতা তেজস্বী যাদবেও অসম বিধানসভাত নামাজ বিৰতি প্রত্যাহাৰ কৰাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ‘যোগীৰ চীনা সংস্কৰণ’ আখ্যা দিয়াৰ লগতে সস্তীয়া জনপ্রিয়তা ড° হিমন্ত বিশ্ব শৰ্মাই বিচাৰে বুলিও সমালোচনা কৰে আৰজেডি নেতা তেজস্বী যাদবে। ড° হিমন্ত বিশ্ব শৰ্মাই সস্তীয়া জনপ্রিয়তা বিচৰাৰ লগতে বিজেপিয়ে বিভিন্ন পন্থাৰে মুছলিম সম্প্রদায়ক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰে আৰজেডি নেতাগৰাকীয়ে। সামাজিক মাধ্যমত তেজস্বী যাদৱে কয়- সস্তীয়া জনপ্রিয়তা লাভ কৰাৰ লক্ষ্য আৰু যোগীৰ চীনা সংস্কৰণত পৰিণত হোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলিমক হাৰাশাস্তি কৰিবলৈ বিভিন্ন কাৰ্য কৰি আছে। মোদী-শ্বাহৰ আকৰ্ষণ লাভ কৰিবলৈ আৰু সমাজখনক ধৰ্মীয় মেৰুকৰণ কৰাৰ লক্ষ্যৰে বিজেপিয়ে মুছলিম ভাতৃসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ লক্ষ্য লৈছে। আৰ এছ এছৰ বাহিৰে দেশৰ সকলো ধৰ্মৰ লোকৰ দেশৰ স্বাধীনতাত হাত আছে। আমাৰ মুছলিম ভাতৃসকলেও দেশৰ স্বাধীনতা আনিবলৈ বলিদান দিছে। দীর্ঘদিন ধৰি একেলগে আছোঁ। কোনেও তেওঁলোকক আঘাত কৰিব নোৱাৰে। ইপিনে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা তেজস্বী যাদৱৰ মন্তব্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিজেপিয়ে। দলটোৰ মুখপত্ৰ শ্বেহজাদ পুনাৱালাই তেজস্বী যাদৱৰ মন্তব্যক কংগ্ৰেছৰ আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষ ছাম পিত্ৰদাৰ সৈতে তুলনা কৰিছে। ইণ্ডিজোঁটে বর্ণবাদী মানসিকতাক পোষকতা কৰে। পিত্ৰদাৰ অনুপ্ৰেৰণাতে অপৈণত যাদৱৰ মানসিকতা গঢ় লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক চাইনিজ বুলি তেজস্বী যাদবে এই কাৰণেই কৈছে যে ড° হিমন্ত বিশ্ব শৰ্মা অসমীয়া আৰু উত্তৰ-পূবৰ। ইণ্ডিজোঁটৰ নেতা তেজস্বীৰ এনে বর্ণবাদী মন্তব্যই ৰাহুল গান্ধী, গৌৰৱ গগৈৰ প্ৰেমৰ দোকানক প্রতিফলিত কৰেনে? কংগ্ৰেছে আৰজেডিৰ সৈতে তেজস্বীৰ এনে অসাংবিধানিক, ভাৰত জোড়োবিৰোধী, বৰ্ণবাদ আৰু ঘৃণাসূচক বক্তব্যৰ বাবে সম্পর্ক ছিন্ন কৰিবনে?