ধৰ্ষণকাৰী – বাহাৰুল ইছলাম

Pc-123rf
ধৰ্ষণকাৰী
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
কিমান আৰু তেজৰ খেতি কৰিবি
আৰু কিমান বিষাক্ত কৰিবি সুন্দৰ ধৰাধাম?
শাৰী শাৰীকৈ ৰৈ আছে
অন্যায়-অত্যাচাৰৰ পাহাৰবোৰ
এক অসহনীয় সময়ৰ উচুপনি
পিশাচ-দানৱ সহস্রবাৰ কঁপি উঠে
তহঁতৰ কাণ্ড প্ৰত্যক্ষ কৰি
দিৱসৰ জ্যোতিক কালিমা সানিছে
আন্ধাৰৰ প্ৰচণ্ড আক্রমণে।
যাৰ গৰ্ভত থিতাপি ল’লি
দানৱ হৈ তাকে ভোগ কৰিলি!
কি খতি কৰিছিল তহঁতক
জন্ম দিয়াই পাপ আছিল নে?
বাৰে বাৰে কলংক সানি
কি পাওঁ?
এবাৰো মনত নপৰিল
তহঁতৰ কোমল ভনীটিৰ কথা?
চকুত নাভাহিল জন্মদাত্রীৰ প্ৰতিচ্ছবি?
কাবৌ-কাকূতিৰ প্ৰতিটো ধ্বনি
কৰ্ণগোচৰ হৈছে অহৰহ
হিংস্র প্রাণীতকৈ অধম হৈ কৰিলি হজম
তহঁতৰ পাষাণ হৃদয়খনিক
যদি চিঙিব পাৰিলোঁহেতেঁন
হাতত লৈ চালোঁহেতেঁন তাত আছে
কিমান নিষ্ঠুৰতা!
কিমান উষ্ণ তেজেৰে মেৰিয়াই আছে সেইখন?
মানসিক ভাৰসাম্য হেৰাইছেই যদি
মানসিক চিকিৎসালয় এৰি
কিয় বিচৰণ কৰ জন অৰণ্যত ?
সমাজক কলংক সানিলি
জাতিক পংগু কৰিবলৈ আপ্রাণ প্ৰয়াস তহঁতৰ
বাস কৰ প্ৰতিনিতে
ধৰ্মৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰৈত
তাৰ পৰাই নিতৌ কৰ আঘাত
বাৰে বাৰে আহত হয় হিতৈষী ধৰ্মবোৰ,
তহঁতে তাহানিতেই হেৰালি
জীয়াই থকাৰ সেই মৌলিক অধিকাৰ
তহঁত যে সঁচাকৈয়ে অভিশপ্ত ।
হে প্ৰভু-  অসহনীয় হৈ পৰিছে জগত
নিকৃষ্ট পাপিষ্ঠক কৰা বিনাশ
যিহঁতে এনে পথে কৰে আহ-যাহ
সচেতন মহলে কৰ্তব্য কৰা নাই
সেয়ে হয়তো সকলোতে হায় হায়!
দায়িত্ববান সৱে ল’বই লাগিব দায়িত্ব
অন্যথা কোনে বুজিব নাৰীৰ মহত্ব?
উচিত তদন্তেৰে  ফাঁচী দিয়া হওক
জগতখনৰ এলান্ধুবোৰ নিৰ্মূল হওক।