মানুহৰ সংস্কাৰবোৰৰ জৰিয়তেহে এখন অপৰাধ মুক্ত সংসাৰ বা দেশ গঢ়ি তুলিব পাৰি – চন্দ্ৰ শেখৰ পৰাজুলী

মানুহৰ সংস্কাৰবোৰৰ জৰিয়তেহে এখন অপৰাধ মুক্ত সংসাৰ বা দেশ গঢ়ি তুলিব পাৰি

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

স্বামী বিবেকানন্দক ইংৰাজে প্ৰশ্ন কৰিছিলে।ভাৰতীয় নাৰীয়ে কিয় হাত নিমিলাই। এইটোতো কোনো বেয়া কাম নহয় ? তেতিয়া স্বামী বিবেকানন্দই ইংৰাজক ওভতি ধৰি প্ৰশ্ন কৰিলে যে, আপোনাৰ দেশৰ সৰ্ব সাধাৰণ ব্যক্তিৰ লগত আপোনালোকৰ মহাৰাণীয়ে হাত মিলাই নে কেতিয়াবা? তেতিয়া তাৰ উত্তৰ দি ইংৰাজে কলে, কেতিয়াও হাত নিমিলাই। তাৰ পিছত নিজ দেশৰ ওপৰত বহু গৰ্ব কৰি স্বামী বিবেকানন্দই কৈছিল যে, আমাৰ দেশৰ প্ৰতিগৰাকী নাৰীয়ে মহাৰাণী হয়। হয়তো এসময়ৰ ভাৰতৰ মানচিত্ৰ খনি উপৰোক্ত স্বামী বিবেকানন্দ আৰু ইংৰাজ সকলৰ মাজত হোৱা বাৰ্তালাভৰ জৰিয়তে বুজিবলৈ সক্ষম হৈছে নহয় জানোঁ ? এতিয়া কথা হল বৰ্তমান সময়ত আজি কালিৰ ভিতৰতেই কলিকতাৰ মাজত সংগঠিত হৈ যোৱা ৩১ বছৰীয়া ডক্টৰ মৌমিতা দেৱনাথক ধৰ্ষণৰ পিছত মৃত্যুৰ কৰাৰ দৰে জঘন্য আৰু গোটেই ৰাষ্ট্ৰৰ বাবে নিন্দনিয় কাণ্ডবোৰ একেবাৰে সঘনাই প্ৰতিটো ৰাজ্যতে সংঘটিত হোৱা কিয় পৰিলক্ষিত হৈছে। মানুহে বৰ্তমান সময়ত আবেগিক চিন্তাধাৰাৰ জৰিয়তে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ মতামত আৰু সমাধান বা বিচৰা দিবলৈ অগ্ৰসৰ হোৱা দেখা যায়। কোনোবাই কয় ধৰ্ষণকাৰিক নগ্ন কৰি ৰাজহুৱাভাবে মৃত্যুদন্দ দিব লাগে। আকৌ কোনোবাই কয় নহয় গুলিয়াই মাৰিব লাগে‌ । আনহাতে কিছুমান বুদ্ধিজিবিৰ মতে ফাঁচী কাঠত ওলমাই দিব লাগিব। কিন্তু বৰ্তমান সময়লৈকে কিমান যে ধৰ্ষণৰ কাণ্ডৰ ওপৰত কাণ্ড হৈ গৈছে তাৰে মাজ পৰা প্ৰকৃত অৰ্থত উচিত সমাধান উলাই আহিছেনে ? অৰ্থাৎ যিখন দেশ বা ৰাজ্যৰ দিন প্ৰতিদিনে নিজ নিজ ধৰ্ম, সংস্কাৰ, সংকৃতিৰ পতনৰ দিশে আগুৱাই যাবলৈ ধৰিছে সেই দেশৰ বা সেই ৰাজ্যৰ মানচিত্ৰবোৰ সলনি হোৱাৰ আশাত চৰকাৰৰ আগত দায়িত্ববোৰ জাপি দিয়াটো একেবাৰে ভুল ধাৰণা। কাৰণ সৰ্বপ্ৰথমতে উল্লেখ কৰিছোঁ যে,মানুহৰ সংস্কাৰবোৰৰ জৰিয়তেহে এখন অপৰাধ মুক্ত সংসাৰ বা দেশ গঢ়ি তুলিব পাৰি । আমি বৰ্তমানে আধ্যাত্মিক ধৰ্ম গ্ৰন্থবোৰত আৰু কেৱল মানুহৰ মুখে মুখেহে এখন গৌৰৱময় ইতিহাস সমাহিত দেশ।কাৰণ বৰ্তমান সময়ত বিশ্বৰ অন্যান্য দেশৰ তুলনামূলকভাৱে কেৱল ভাৰতবৰ্ষতে নাৰীৰ নগ্নতাক বা নাৰীৰ দেহৰ আবৰন উলংগ কৰি পেলোৱা নাই। কিয়নো আমাৰ ধৰ্ম,সভ্যতা, সংস্কৃতিয়ে নাৰীক সদায় পুজিত ৰূপত চাবলৈ শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু বিদেশত নাৰীৰ দেহা উলংগ হৈয়ো যদি সুৰক্ষিত আছে তেন্তে ভাৰততে ইয়াৰ সম্পূৰ্ণৰূপে বিপৰীত কিয় ? আচলতে আমাৰ ভাৰতৰ মানুহৰ কেৱল মুখে মুখে আৰু আমাৰ আধ্যাত্মিক ধৰ্মগ্ৰন্থবোৰতে ভাৰতীয় সংস্কাৰবোৰ বিকাশত বা বিয়পি পৰিছে।আৰু যেতিয়ালৈকে আমাৰ সংকৃতি, সংস্কাৰ, সভ্যতা কেৱল মৌখিক ৰূপত ব্যৱহাৰৰ হৈ থাকিব ঠিক তেতিয়ালৈকে ভাৰতৰ মানচিত্ৰ সলনি কৰাটো কোনো এজন ব্যক্তিৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব। কবলৈ বহু মন যায় যে,শুনা শুনা ভাই,অতীতৰ ৰামৰ ৰাজ্য আৰু নাই।কাৰণ এই দেশত এতিয়া ৰামৰ জন্ম হলেই অগণন ৰাৱণৰ দ্বাৰা ওলোটাই ৰামক বধ কৰি দিয়া যায়।