মই প্ৰেমিক ৰজনী গন্ধাৰ – ছেলিমা বেগম

 মই প্ৰেমিক ৰজনী গন্ধাৰ 
 ছেলিমা বেগম 
নগাঁও 
মই প্ৰেমিক এপাহি  ৰজনী গন্ধা ফুলৰ,
বুকুত সাৱটি ধৰি ৰাখিম তাৰ সৌন্দৰ্য্য
মন যা যেতিয়া ফুলি থাকিম
হৃদয়ৰ আঁৰত লুকাই
ৰজনী গন্ধা ফুল  হৈ ।
পাত সৰা ফাগুন যেতিয়া আহিব
বতাহত উৰি ফুৰিব তোমাৰ সুগন্ধ
মাৰ্চ,এপ্ৰিলত তোমাৰ নামত
ৰজনী গন্ধাৰ কন্দ লগোৱাম।
মোৰ জীৱনৰ লগৰী হৈ থাকিবা সদায়
আকাশত বিয়পি থাকিবা স্মৃতিৰ সুবাস হৈ
মোৰ যৌৱনৰ বসন্তই আজি তোমাক বিচাৰে
উভতি আহা মোৰ জীৱনলৈ স্মৃতি হৈ।
অকল শৰীয়া  জীৱনটো মোৰ কান্দি থাকে
ৰজনী গন্ধাৰ সৌন্দৰ্য দেখি
আজি মোৰ শৰীৰৰ কপাঁই তুলিছে
ৰজনী গন্ধা তোমাক
 জগাই ৰাখিম সদায়ে
তুমি   প্ৰিয়তমা মোৰেই
 এ পাহি ৰজনী গন্ধা।