ধৰ্ষণ এক সামাজিক ব্যাধি, মাৰাত্মক অপৰাধ – বাহাৰুল ইছলাম

ধৰ্ষণ এক সামাজিক ব্যাধি, মাৰাত্মক অপৰাধ
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
“কিমান আৰু তেজৰ খেতি কৰিবা
আৰু কিমান বিষাক্ত কৰিবা ধৰাধাম?
শাৰী শাৰীকৈ ৰৈ আছে
অন্যায়-অত্যাচাৰৰ পাহাৰবোৰ
এক অসহনীয় সময়ৰ উচুপনি
পিশাচ-দানৱ সহস্রবাৰ কঁপি উঠে
নৰপিশাচৰ কাণ্ড প্ৰত্যক্ষ কৰি
দিৱসৰ জ্যোতিক কালিমা সানিছে
আন্ধাৰৰ প্ৰচণ্ড আক্রমণে।”
এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অথবা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ’ব পাৰে। ধৰ্ষণৰ ইতিহাস বৰ দীঘলীয়া বুলি ক’ব পাৰি। পুৰণি কালৰে পৰাই কম-বেছি পৰিমাণে এই অপৰাধ চলি আহিছে। ক্ৰমান্বয়ে ইয়াৰ প্ৰভাৱ তীব্র হোৱাটোহে অধিক চিন্তাৰ কাৰণ কিয়নো এই উন্নত শিক্ষা ও বিজ্ঞানৰ যুগতো যে ইয়াৰ প্ৰকোপ বৃদ্ধি হৈছে সেইটোহে অশোভনীয়। আমি জানো মানুহৰ প্ৰকৃতিগত  ৰিপুৰ চাহিদা পূৰণ কৰাৰ বাবে অহৰহ এক কু-প্ৰবৃত্তিয়ে কাম কৰি যায়। আপোনা-আপুনি এই প্ৰবৃত্তি সহচৰ হৈ পৰে। এটা কথা ঠিক যে, এই সকলো কামবোৰ নিৰ্ধাৰণ কৰে আমাৰ মগজুৱে যিহেতু মই বা আমি নামৰ এই সত্তাক পৰিচালনা কৰে একমাত্র মগজুৱে। মানুহ যিহেতু জীৱশ্ৰেষ্ঠ, সেয়ে এই ৰিপুৰ চাহিদা পূৰণ কৰাৰ বাবে বৈধ পন্থা সমূহ বাচি লোৱাৰ ক্ষমতা পাগলৰ বাহিৰে সৱৰে আছে। প্ৰশ্ন হ’ল মানুহ যিহেতু উন্নত এক জীৱ, তেন্তে ইতৰ প্ৰাণীতকৈয়ো নিম্ন কৰ্ম বোৰ কিয় কৰিবলৈ দিদ্বাবোধ নকৰে? কিয় বাৰু বৰ্বৰতাই ইমান তললৈ গতি কৰে? উত্তৰ হিচাপে ক’ব পাৰি যে এচাম মানুহে সৰুৰে পৰাই বেয়া কৰ্মৰ অভ্যাস কৰি গৈ থাকে, কোনো বাধা নাপাই লাহে লাহে কু-অভ্যাসটো দৃঢ় হৈ থাকে, যিটো পিছত শুধৰোৱা জটিল হৈ পৰে।
এটি সঁচা আৰু বাস্তৱ কথা হ’ল, প্ৰতিটো জীৱৰ পৰা যদিও সাইলাখ জীৱৰ জন্ম হয় কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ পৰা কিন্তু সাইলাখ মানুহৰ জন্ম নহ’বও পাৰে৷ দৈহিক মিল থাকিলেও মানসিক ভাবে আকাশ-পাতাল প্ৰভেদ থাকিব পাৰে পিতৃ-মাতৃৰ সৈতে। কেৱল শিক্ষিত কৰিলেও নহ’ব লগতে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব লাগিব। যেতিয়ালৈকে প্ৰকৃত মানুহ নহ’ব তেতিয়ালৈকে নৈতিকতাৰ পাঠ দি থাকিব লাগিব অন্যথা শিক্ষিত হৈয়ো বৰ্বৰ হোৱা স্বাভাৱিক। সাহিত্যিক সত্যনাথ বৰাৰ মতে, “বেয়া বৃত্তিবিলাক মনুষ্য জীৱনত প্ৰথম নায়ক নোহোৱাহেঁতেন, সংসাৰত ইমান কুকাম দেখা নগ’লহেঁতেন, পৃথিৱী স্বৰ্গৰ নিচিনা সুখৰ আলয় হ’লহেঁতেন। বেয়া বৃত্তিবিলাকে আগেয়ে মানুহক বেয়া বাটত পেলাই দিয়ে, পাচত জ্ঞানৰ বলেৰেহে তাৰপৰা উদ্ধাৰ হ’ব লাগে। এই দেখি মানুহে চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাচত জ্ঞান বুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ উজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেই দেখি সংসাৰত সজ মানুহৰ সংখ্যাতকৈ অসজ মানুহৰ সংখ্যা সৰহ। আগৰ পৰা অসজ পথত প্ৰবৰ্ত্তাৰ নিমিত্তে তাত মানহৰ ৰাপ জন্মে, পাচত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে, পাচত শুধৰোৱা টান হয়। কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।”
ধৰ্ষণৰ ক্ষেত্রত কেৱল মাত্ৰ পুৰুষকে দোষাৰোপ কৰি বহি থাকিলে জানো সমস্যা সমাধান হ’ব। ইয়াৰ মুল কাৰণ বিচাৰি তাক নিৰ্মূলৰ ব্যৱস্থা নকৰিলে দিনকদিনে ক’ৰনাৰ ৰূপ লোৱা স্বাভাৱিক। হৰিণাৰ মাংসই বৈৰীৰ দৰে নাৰীৰ দেহাই নাৰীৰ শত্রু বুলিব পাৰি। প্ৰকৃতিগত ভাবেই নাৰীৰ দেহাৰ প্ৰতি পুৰুষৰ লোভ। ই চিৰন্তন। নাৰী কিছু ক্ষেত্রত হ’লেও পুৰুষতকৈ দুৰ্বল বুলি বাস্তৱ প্ৰমাণিত। সেয়ে হয়তো যিকোনো ঠাইতে পুৰুষৰ কাপোৰ কম পৰিধানে সমস্যা নহলেও মহিলাৰ সমস্যা বা লাজত পৰা স্বাভাৱিক। পৃথিৱীত যিমান সংখ্যক নাৰী প্ৰতিদিনে ধৰ্ষণৰ বলি হৈছে তাৰে অধিক সংখ্যকেই( অজানিতেই হওক) হয়তো পুৰুষক কিছু হলেও সুবিধা দিয়া যেন পৰিলক্ষিত নোহোৱা নহয়। সাম্প্রতিক মাদকদ্রব্যৰ যিহে চাহিদা। মদ, ভাং, ড্ৰাগছ ইত্যাদি সেৱন কৰি অনবৰতে ভ্ৰমি ফুৰিছে এচাম। এইচাম বৰ্বৰ অমানুহ মানুহৰ ৰূপত সকলোতে ফুৰিছে সেয়ে নাৰী সকলেও কমপক্ষে নিজকে  সুৰক্ষা ৰখা দৰকাৰ আছে। যিকোনো মুহূর্তত যিকোনো কাপোৰ পৰিধান কৰাটো জানো সমীচিন হ’ব? যিকোনো ঠাইত অকলে অকলে ফুৰাটোও ভাল কথা নহয়। সেই বুলি নাৰীক অৱহেলা কৰি স্বাধীনতা কাঢ়ি নিয়া বুলি অভিযোগ কৰি থাকিলে দিনকদিনে ভাইৰাছ বিয়পি নাথাকিবনে? যিকোনো পুৰুষক একেচিপে বিশ্বাস কৰা, অচিনাকি কোনো পুৰুষৰ সৈতে একেলগে ফুৰা, চিনাকি লোকেই হওক যেনিবা যিকোনো মুহূর্তত যিকোনো কথাত মান্তি হোৱা আৰু সুযোগ দিয়া, প্ৰেমিক হ’ল বুলিয়েই যিকোনো মুহূর্তত যিকোনো ঠাইত ভ্ৰমণলৈ যোৱা, পুৰুষৰ ছলনাত নপৰা, নাৰী ব্যৱসায়ীৰ ৰূপত নাৰীক নাৰী ছলনা কৰা, জনশূন্য ঠাইত পাৰিলে নথকা,ঘৰৰ শিশু সকলৰ প্ৰতি কোনোবা পুৰুষৰ কিবা বেয়া চাৱনি ইত্যাদিৰ ক্ষেত্ৰত সতৰ্ক থকা নাৰীৰ লগতে সচেতন মহলৰ দৰকাৰ। তেনে ক্ষেত্ৰত সন্দেহ হ’লে সেই বিশেষ ব্যক্তি গৰাকীক অজানিতে পুলিচক কমপ্লেইন কৰিব লাগে আৰু যিমান পাৰি বেছি মানুহৰ মাজত থাকিবলৈ চেষ্টা কৰিব লাগে। লাজ আৰু ভয় কৰিলে নিজে বিপদ মাতি অনাহে হ’ব।
এন,চি,আৰ,বি ২০২১ৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানত সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, তাৰ পিছতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত। মহানগৰসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২০২১ চনত ১২২৬টা ধৰ্ষণৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ বিপৰীতে জয়পুৰত সৰ্বাধিক ধৰ্ষণৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ৩৪)। মহানগৰৰ ভিতৰত কলকাতাত ধৰ্ষণৰ হাৰ সৰ্বনিম্ন। ২০১৯ চনত ভাৰতত প্ৰতি ১৬ মিনিটৰ মূৰে মূৰে এটা ধৰ্ষণৰ বাতৰি পোৱা গৈছিল। ২০১৮ চনত এই সংখ্যা আছিল ১৫ মিনিট। ২০১৯ চনত ৰাষ্ট্ৰীয় গড় ধৰ্ষণৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে) আছিল ৪.৯, যিটো ২০১৮ আৰু ২০১৭ চনত ৫.২তকৈ অলপ কম। ২০১৯ চনলৈকে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত নাগালেণ্ড (০.৮), তামিলনাডু (১.০), আৰু বিহাৰ (১.৩)ত ধৰ্ষণৰ হাৰ সৰ্বনিম্ন, আনহাতে ৰাজস্থানত (১৫.৯) ধৰ্ষণৰ হাৰ সৰ্বাধিক। এই পৰিসংখ্যাত হত্যাত শেষ হোৱা ধৰ্ষণ আৰু ধৰ্ষণৰ চেষ্টাৰ কথা লক্ষ্য কৰা হোৱা নাই, যিবোৰ ভাৰতত আৰক্ষীয়ে পৃথকে পৃথকে গণনা কৰে। বিশ্বজুৰি প্ৰায় ৩৫% মহিলাই যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে, কিন্তু ৪০%তকৈ কম মহিলাই সহায় বিচাৰে, আৰু ১০%তকৈও কম মহিলাই আইন প্ৰয়োগকাৰী সংস্থাৰ ওচৰলৈ হাত আগবঢ়ায়। চকুমুদি অকণমান সময় ভাবিলেই উপলব্ধি কৰিব পাৰি অমানৱকি কৰ্মৰ বাস্তৱ ছবিখন।
স্বাধীনতাৰ ৭৮ বছৰ পাৰ হলেও নাৰী স্বাধীনতা কেতিয়া পূর্ণতা পাব তাৰ সঠিক উত্তৰ কাৰোৰে হাতত নাই। নিশাবোৰ নাৰীৰ কেতিয়া হ’ব? ৰাতি নাৰীয়ে মুক্ত মনে কেতিয়া ফুৰিব? হয়তো কোনোদিনেই নহ’ব। তাৰ বাবে হয়তো সচেতন মহলৰ সৈতে নাৰীয়েও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু সৰুৰে পৰাই সন্তানক নৈতিকতাৰ শিক্ষা প্ৰদান কৰি যাব লাগিব। কিয়নো প্ৰতিগৰাকী নাৰীয়ে মাতৃৰ ভূমিকা পালন কৰে। অন্যথা সাম্প্রতিক দিল্লীৰ নিৰ্ভয়া কাণ্ড, উত্তৰ প্ৰদেশৰ ইমৰাণা কাণ্ড, যোৰহাট কাণ্ড, ডিব্ৰুগড় কাণ্ড, সিদিনাৰ কলিকতাৰ ডাক্তৰ মৌমিতাৰ লোমহর্ষক কাণ্ড সমূহ ঘটি গৈ থাকিব আৰু আমি সৱে সামাজিক মাধ্যমত ফালি থাকিম। আনহাতে চৰকাৰে সচেতন মহলৰ সৈতে মিলি মাদকদ্রব্য সম্পূর্ণ নিৰ্মূল কৰিব লাগিব। আইন ব্যৱস্থাই সঠিক আৰু দ্ৰুত সিদ্ধান্ত গ্রহণ বিশেষকৈ ফাঁচীৰ ব্যৱস্থা কৰিলেহে ইয়াৰ নিৰাময় আশা কৰিব পাৰি। সজাগতাৰ ব্যৱস্থা কৰি মানসিকতাৰ পৰিৱৰ্তন কৰিবই লাগিব। অৱশ্যে এই ক্ষেত্রত চৰকাৰ আৰু সচেতন সমাজৰ দায়িত্ব যথেষ্ট আছে।
“সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনা
সহনশীলা তুমিয়েই বসুন্ধৰা
নাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ী
আনিব পাৰা
শান্তিৰ নিলয়, সফলতাৰ বন্যা
আছে শকতি তোমাৰ
বিশ্ব বিজয়ৰ।”