কৈলাখাত প্রাথমিক বিদ্যালয়লৈ “গ্ৰাছ”ৰ নির্মল সেউজ বঁটা

কৈলাখাত প্রাথমিক বিদ্যালয়লৈ “গ্ৰাছ”ৰ নির্মল সেউজ বঁটা

প্ৰতিবছৰে বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক অৱস্থা অধ্যয়ন কৰি প্ৰদান কৰি অহা এই বঁটা
অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা বিদ্যালয়খনতে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা

গ্ৰাছৰ স্থায়ী কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ আৰু সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ঘোষণা কৰে ৷

বোকাখাত , মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছে বিগত বৰ্ষৰ দৰে এইবছৰো ২০২৪ বর্ষত বিভিন্ন সময়ত প্রদান কৰি অহা বঁটা সমূহৰ লগতে শিক্ষক দিবস উপলক্ষে শিক্ষাবিদ, ধর্মপ্রাণ ব্যক্তি প্রয়াত থানেশ্বৰ ভূঞাৰ সোঁৱৰণত ‘গ্রাছ নিৰ্মল সেউজ বঁটা’ গ্রাছৰ মুখ্য কাৰ্যালয়ত সংবাদ মেলৰ যোগেদি গ্রাছৰ সভাপতি-সম্পাদক ক্রমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰাই ঘোষণা কৰে। এই বঁটা লাভ কৰিছে বোকাখাত উপ-জিলাৰ অন্তৰ্গত বোকাখাতৰ কৈলাখাত প্রাথমিক বিদ্যালয়ে। উল্লেখ্য যে বিদ্যালয়খনে শৈক্ষিক দিশৰ লগতে চৌহদ, চাফ-চিকুণ, শ্রেণী কোঠাৰ চাফ চিকুণতা, ছাত্ৰ-ছাত্ৰীৰ পৰিস্কাৰ পৰিচ্ছনতা আৰু সেউজকৰণৰ ক্ষেত্ৰত এক সুকীয়া মাত্রা প্রদান কৰি আহিছে। লগতে শনিবৰীয়া চ’ৰা, সময়ে সময়ে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক দিশৰ শিক্ষা প্রদান, আলোচনা চক্র, শিক্ষামূলক ভ্রমণ, ডিজিটেল পাঠ দান ব্যবস্থা গ্রহণ কৰি আহিছে। প্রধান শিক্ষক চন্দন ভূঞাৰ আৰু সহকর্মীৰ সুব্যৱস্থাপনাত ৰান্ধনি গৃহ, অনাময় ব্যৱস্থা আদি কৰি বিদ্যালয়খনে বিশেষ ভূমিকা পালন কৰি আহিছে। ‘গ্রাছ’ৰ জুৰী বর্ডে এইবাৰ সমীক্ষাত্মক বিবেচনাৰে বিদ্যালয়খনলৈ ২০২৪ বৰ্ষৰ ‘গ্রাছ নির্মল সেউজ বঁটা’ ঘোষণা কৰিছে।