জীৱনৰ শান্ত- সমাহিত দৃষ্টি
(প্ৰফেছাৰ হুমায়ুন কবিৰৰ মৃত্যু দিৱস উপলক্ষে )
জ্যোতি খাটনিয়াৰ
চুবুৰীয়া বাংলাদেশত শেহতীয়াকৈ সংঘটিত ব্যাপক হিংসাৰ ঘটনাৰাজিয়ে ভাৰতীয় উপমহাদেশৰ বহু হাজাৰ বছৰীয়া পৰিক্ৰমাৰ বিষয়ে আমাক পুনৰাই ভাবিবলৈ বাধ্য কৰিছে। কিয় ইমান নিষ্ঠুৰ হিংসা? কিয় এই ভয়ংকৰ বিদ্বেষ? সম্প্ৰতি বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু বৌদ্ধসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। মাত্ৰ কেইদিনমান আগেয়ে দেশখনৰ ক্ষমতাত থকা আৱামী লীগৰ শীৰ্ষ নেতাজনক জীৱন্তে জ্বলাই দিয়া হৈছে। প্ৰধানমন্ত্ৰীজনাই কেইটামান মূহুৰ্তৰ ভিতৰতে দেশ এৰি ভাৰতত আশ্ৰয় ল’বলগীয়া হৈছে। জ্বলাই দিয়া হৈছে ৰাজধানী চহৰ ঢাকাৰ হোটেলত থকা কেইবাজনো বিদেশী নাগৰিকক। অসমৰ গাতে লাগি থকা এই দেশখনত যেন শাসন বুলিবলৈ বিশেষ একো নাই। বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি কেউফালে ভাঙি পেলোৱা হৈছে। আনকি দেশখনৰ পিতৃ স্বৰূপ মানুহজনাৰ জন্ম দিনটোও এতিয়াৰে পৰা দেশখনে উদযাপন নকৰে বুলি নোবেল বঁটা বিজয়ী মহম্মদ ইউনিছৰ চৰকাৰখনে স্পষ্ট কৰি দিছে। স্বাধীনতাৰ ৭৭ বছৰৰ পাছতো ভাৰত , পাকিস্তান আৰু পূব পাকিস্তানৰ এসময়ৰ অংশ বাংলাদেশ ( ১৯৭১ ত স্বাধীনতা লাভ ) ৰ পৰিস্থিতি কিয় বেলেগ বেলেগ, সেয়া গভীৰভাৱে ভাবি চাবলগীয়া বিষয়। পাকিস্তান আৰু বাংলাদেশত কাৰ্য্যতঃ গণতন্ত্ৰ নাই। হিংসা, ঘৃণা, অসহিষ্ণুতা, নিষ্ঠুৰ আচৰণে এই অঞ্চলবোৰত ভালকৈয়ে খোপনি পুতি লৈছে। সাধাৰণ নাগৰিক ৰাষ্ট্ৰৰ দ্বাৰাই পৰিচালিত হিংসাৰ বলি হৈছে।
এই প্ৰসংগতেই স্বাধীন ভাৰতৰ দুবাৰকৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হোৱা প্ৰফেছাৰ হুমায়ুন কবিৰৰ নাম মনলৈ আহে। প্ৰফেছাৰ কবিৰে তাহানিয়ে ,১৯৩৯ চনত ,সেই সময়ৰ অবিভক্ত বংগদেশৰ পৰিস্থিতিৰ বিষয়ে ক’বলৈ গৈ প্ৰাদেশিকতা আৰু সাম্প্ৰদায়িকতা , ব্যক্তি আৰু দলগত বিদ্বেষ, সুস্থ দাৰ্শনিক চিন্তাৰ অভাৱ আৰু ঐতিহাসিক খেলিমেলি আদিলৈ আমাৰ মনোযোগ আকৰ্ষণ কৰিছিল। ইয়াৰ পৰা মুক্তিৰ উপায় হিচাপে তেওঁ চিন্তাৰ পৰিচ্ছন্নতা আৰু এক শান্ত সমাহিত দৃষ্টিৰ প্ৰয়োজন বুলি তাহানিয়ে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে বংগদেশত চিন্তা আৰু আদৰ্শৰ ক্ষেত্ৰত অৰাজকতাই দেখা দিছে। ইয়াৰ পৰা উদ্ধাৰৰ বাবে তেওঁ ইমানুৱেল কাণ্টৰ দৰ্শন অধ্যয়ন কৰাটো প্ৰতিজন শিক্ষিত মানুহৰ কৰ্তব্য বুলি ভাবিছিল। এই ক্ষেত্ৰত তেওঁ আফিকাত সংঘটিত এংলো – বুৱেৰ যুদ্ধৰ কথা মনত পেলাই দিছিল। উল্লেখ্য যে এই যুদ্ধত উইনষ্টন চাৰ্চিল আৰু মহাত্মা গান্ধীয়ে বেলেগ বেলেগ ধৰণেৰে অংশগ্ৰহণ কৰিছিল বুৱেৰ যুদ্ধৰ বিদেশী পক্ষৰ নেতা দক্ষিণ আফ্ৰিকাৰ সামৰিক বিষয়া ফিল্ড মাৰ্শ্বেল জেন স্মাটছে ( ১৮৭০-১৯৫০) যুদ্ধত ভয়ংকৰ দাবানলৰ মাজতে নিতৌ নিশা ইমানুয়েল কাণ্টৰ দৰ্শন অধ্যয়ন কৰা কথাটো বিশেষভাৱে তেওঁ উল্লেখ কৰিছিল। প্ৰফেছাৰ কবিৰে কৈছিল যে যুদ্ধৰ উন্মাদনাত বুদ্ধিৰ সংযত সমাহিত দৃষ্টিৰ যিদৰে প্ৰয়োজন সেয়া কিন্তু সমানেই দুৰ্লভ। যুদ্ধত আমাৰ দৃষ্টি কেৱল বৰ্তমানৰ সৈতে জড়িত হৈ থাকে । আমি যুদ্ধত বাৰে বাৰে বিভ্ৰান্তিৰ চিকাৰ হও। আমাৰ বুদ্ধি স্থিৰ নাথাকে। আমি যুক্তিক হেৰুৱাই পেলাও। সেইবাবে সমৰ বিশাৰদ স্মাটছে ইমানুয়েল কাণ্টৰ গ্ৰন্থসমূহ অধ্যয়ন কৰি নিজৰ বুদ্ধিক স্থিৰ কৰিছিল। প্ৰফেছাৰ হুমায়ুন কবিৰৰ মতে সেইসময়ৰ বাংলাদেশৰ মানুহখিনিয়ে নিজৰ বিচাৰ বিবেচনাত স্থিৰতাক আনিব পৰা নাই। এই মানুহখিনিয়ে ভাৰতীয় চিন্তাৰ মূল আধাৰটোকেই পাহৰি পেলাইছে। বৰ্তমানৰ বাংলাদেশৰ পৰিস্থিতিয়ে যেন প্ৰফেছাৰ কবিৰৰ ১৯৩৯ ৰ সেই কথাখিনি পুনৰ প্ৰমাণ কৰিছে।
আধুনিক ভাৰতৰ সাংস্কৃতিক আৰু শিক্ষাৰ বাতাবৰণ আৰু পৰিসৰ সম্পৰ্কে পূৰ্ণাংগ ইতিহাস ৰচনা কৰিবলগীয়া হ’লে যিসকল ব্যক্তিৰ নাম থাকিব , তাৰ ভিতৰত প্ৰফেছাৰ হুমায়ুন কবিৰ অন্যতম। কলিকতা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰা কবিৰ আছিল অতি মেধাৱী ছাত্ৰ । দুয়োখন বিশ্ববিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত তেওঁ শীৰ্ষ স্থান লাভ কৰিছিল। অক্সফোৰ্ডৰ এক্জিটাৰ কলেজত তেওঁ অধ্যয়ন কৰিছিল ‘ Three Modern Greats’ য’ত আছিল অৰ্থনীতি, দৰ্শন আৰু ৰাজনীতি বিজ্ঞান। ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ বিভিন্ন দিশ তেওঁ চালি জাৰি চাইছিল। ১৯৪৩ চনত বৰোদাত প্ৰদান কৰা মহাৰজা চায়াজী ৰাওৰ স্বৰ্ণ জয়ন্তী স্মাৰক বক্তৃতাত তেওঁ ভাৰতীয় সভ্যতাৰ কেইবাটাও সততে উত্থাপন নকৰা বিষয়লৈ শ্ৰোতা সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল। তাহানিৰ সিন্ধু উপত্যকাৰ মানুহখিনিয়ে ভাৰতীয় ধৰ্মীয় বিশ্বাসলৈ আগবঢ়োৱা তিনিটা অৱদানৰ কথা প্ৰফেছাৰ কবিৰে আমাক মনত পেলাই দিছে। এইকেইটা হ’ল ক্ৰমে দেৱীক মাতৃ ৰূপে কৰা কল্পনা, গো পূজা আৰু শৈৱ উপাসনা। খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ মহেঞ্জোদাৰোৰ এই মানুহখিনি অধ্যাপক কবিৰৰ দৃষ্টিত আছিল শান্ত আৰু সৌম্য প্ৰকৃতিৰ। তেওঁলোকৰ জীৱন প্ৰণালীয়ে এক পৰিপক্বতা আৰু বিশিষ্টতা অৰ্জন কৰিছিল বুলি তেওঁ ভাবিছিল। এই মানুহখিনিৰ মনত দেখা দিয়া শান্ত – সৌম্য প্ৰকৃতি আজিলৈকে ভাৰতীয় মানুহৰ মাজত প্ৰবাহিত হৈ আছে বুলি প্ৰফেছাৰ কবিৰে মন্তব্য কৰিছে। আনহাতে বৌদ্ধ চিন্তাৰ যোগেদি সমাজত অন্যান্য ধৰ্মীয় মতামত থকা লোকসকলৰ সৈতে কেনেদৰে শান্তিৰে আৰু একেলগে থাকিব পাৰি, তাৰ পাঠ এই চিন্তাই ভাৰতীয় সকলক দি গৈছে বুলি এই বক্তৃতাত কোৱা হৈছে। উল্লেখ্য যে মহান সম্ৰাট অশোকৰ শিলালিপিত সম্ৰাট জনাই কিদৰে দেশত বিভিন্ন ধৰ্মীয় চিন্তাক ৰাষ্ট্ৰই সুৰক্ষা দিব, তাৰ পদ্ধতি আৰু আৰ্হি দুয়োটা তেওঁৰ চিৰদিনৰ বাবে খোদিত কৰি গৈছে। প্ৰফেছাৰ কবিৰৰ মতে আমাৰ অস্তিত্বৰ ৰহস্যক যুক্তিৰে বুজিব খোজা পৃথিৱীৰ প্ৰথমজনা মানুহেই হ’ল গৌতম বুদ্ধ।
আধুনিক ভাৰতৰ শিক্ষা পৰিক্ৰমাৰ এজন প্ৰধান নিৰ্মাতাৰূপে হুমায়ুন কবিৰৰ নাম সদায়ে মনত ৰখা হ’ব । তেওঁ শিক্ষাক জাতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশ বুলি ভাবিছিল। বৈজ্ঞানিক দৃষ্টিৰ যোগেদি তেওঁ জাতিগঠন প্ৰক্ৰিয়া সম্ভৱ হ’ব বুলি ক’ব খুজিছিল। এই ক্ষেত্ৰত তেওঁ দিল্লী , ৱাশ্বিংটন , মষ্কো ( ১৯৭৪) শীৰ্ষক গ্ৰন্থখনত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট সংঘ ভ্ৰমণ কৰি লাভ কৰা দেশ দুখনৰ শিক্ষা ব্যৱস্থাৰ এক গভীৰ অন্তৰ্দৃষ্টি সম্পন্ন আৰু দাৰ্শনিক বিচাৰ ধাৰাৰে ডাঙি ধৰা এক অধ্যয়ন আমাৰ বাবে এৰি থৈ গৈছে। প্ৰফেছাৰ কবিৰে এই ক্ষেত্ৰত লেনিনৰ এক মন্তব্যও শ্ৰদ্ধাসহকাৰে উল্লেখ কৰিছে । ৰুছ বিপ্লৱৰ প্ৰথম দিনাৰ পৰাই লেনিনে কৈছিল যে অৰ্থনৈতিক , ৰাজনৈতিক আৰু সামাজিক পৰিবৰ্তন আহিবৰ বাবে প্ৰথমতে দৃষ্টিভংগীৰ পৰিবৰ্তন জৰুৰী। একমাত্ৰ শিক্ষাৰ জৰিয়তেহে দেশৰ নাগৰিকৰ দৃষ্টিভংগী সলনি কৰিব পৰা যায়। পুঁজিবাদৰ এক ভয়ংকৰ অগ্ৰাসন আৰু পৃথিৱীৰ কেউদিশে নতুন নতুন অভাৱনীয় পৰিবৰ্তনে আমাক জোঁকাৰি নিয়াৰ সময়ত হুমায়ুন কবিৰৰ এজন শিক্ষাবিদ হিচাপে লাভ কৰা উপলব্ধিখিনি আমাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। উল্লেখ্য যে সম্প্ৰতি ভাৰতত গঢ় লৈ উঠা মুক্ত আৰু দূৰৱৰ্তী শিক্ষা সম্পৰ্কীয় ধাৰণাটোৰ (ODL) আৰম্ভণি কৰিছিল প্ৰফেছাৰ হুমায়ুন কবিৰে। তেওঁ এই প্ৰসংগত ৰাজ্য সভাত দিল্লী বিশ্ববিদ্যালয়ৰ Correspondence Course সম্পৰ্কে আগবঢ়োৱা মন্তব্য স্মৰণযোগ্য । প্ৰফেছাৰ কবিৰে তাহানিয়ে স্পষ্ট কৰি দিছিল যে গণতান্ত্ৰিক আদৰ্শৰ প্ৰেৰণা দেশে যি ধৰণেৰে গ্ৰহণ কৰিছে, সেয়া সফল হ’বলৈ হ’লে প্ৰতিজন নাগৰিকেই উন্নতিৰ সমান অৱকাশ আৰু সুযোগ পাব লাগিব। ইয়াৰ বাবে শিক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰণক সুনিশ্চিত কৰা শিক্ষা মন্ত্ৰী ৰূপে তেওঁৰ প্ৰধান দায়িত্ব হব। ( দ্ৰষ্টব্য : নয়া ভাৰতের শিক্ষা , Education in India, ১৯৬২) । এই কথাত সন্দেহ নাই যে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণৰ মাজৰ পাৰ্থক্যৰ অন্যতম কাৰণ হ’ল আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো। ভাৰতীয় শিক্ষা ব্যৱস্থাই যোৱা ৭৭ বছৰৰো অধিক কাল গণতান্ত্ৰিক প্ৰমূল্য, সহিষ্ণুতা, ধৰ্ম নিৰপেক্ষতা, ন্যায় পৰায়ণতা, দয়া আদিক নিজৰ অপৰিহাৰ্য্য অংগ কৰি ৰাখিছে।
ড° মহেন্দ্ৰ বৰাই তেওঁৰ আত্মজীৱনী ‘ উপলা নদীৰ দৰে ‘ ত লিখি থৈ গৈছে প্ৰফেছাৰ কবিৰে ড° বিৰিঞ্চি কুমাৰ বৰুৱাক অসমীয়া ভাষাত বিশ্ব কোষ প্ৰস্তুত কৰিবলৈ তাহানি ৩ কোটি টকা তাৎক্ষণিক ভাৱে দিছিল। অসম চৰকাৰে অৱশ্যে এই টকা আনিবলৈ হেলা কৰিছিল। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই হুমায়ুন কবিৰৰ পৰা অনা টকাৰে অসম প্ৰকাশন পৰিষদে বিশ্ব কোষৰ প্ৰথম খণ্ড প্ৰকাশ কৰি উলিয়াইছিল। অসমীয়া মানুহৰ বিশ্বকোষৰ প্ৰতি আগ্ৰহ আৰু তাক ৰূপায়ন কৰাৰ আঁৰৰ মানুহজনেই হ’ল প্ৰফেছাৰ হুমায়ুন কবিৰ। সম্প্ৰতি গুৱাহাটীৰ মালিগাওঁ নিবাসী নব্বৈ বছৰৰ উৰ্ধৰ অজিত বিশ্বাসৰ আমন্ত্ৰণ ক্ৰমে হুমায়ুন কবিৰে ৰবীন্দ্ৰ শতবাৰ্ষিকী বক্তৃতা প্ৰদান কৰিবলৈ গুৱাহাটীলৈ আহিছিল। অজিত বিশ্বাসে এনেকৈ কেন্দ্ৰীয় মন্ত্ৰী জনাক গুৱাহাটীলৈ আমন্ত্ৰণ কৰা কথাটোৱে সেই সময়ৰ জিলা উপায়ুক্ত গণেশ চন্দ্ৰ ফুকনক বিস্মিত কৰিছিল। গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সত্য কিংকৰ সেন আৰু অজিত বিশ্বাসৰ উদ্যোগত ৰবীন্দ্ৰ- পৰিষদে আয়োজন কৰা এই বক্তৃতাত হুমায়ুন কবিৰে শিক্ষাৰ পৰিসৰ আৰু উদ্দেশ্য সম্পৰ্কত বিস্তৃত ভাৱে উল্লেখ কৰিছিল। তেওঁ শিক্ষাৰ জৰিয়তে সামাজিক উন্নয়ন আৰু ৰবীন্দ্ৰনাথে কিদৰে জাতীয় উন্নতিৰ সৈতে অৰ্থনৈতিক উন্নতিক সংলগ্ন কৰিছে, তাক এই বক্তৃতাত বিৱৰি কৈছে। ইয়াৰ বাহিৰেও হুমায়ুন কবিৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৬১ চনত Lessons of Indian History শীৰ্ষক এক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰিছিল।
অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পঢ়া দিনৰ পৰাই হুমায়ুন কবিৰ আছিল এজন অতি আগশাৰীৰ বক্তা আৰু তাৰ্কিক । তেওঁ অক্সফোৰ্ড ইউনিয়নৰ সম্পাদক আছিল আৰু ছাত্ৰ ৰূপে সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ ভাৰত সম্পৰ্কীয় নীতি তেওঁ স্পষ্টভাৱে সমালোচনা কৰিছিল ( This House condemns the Indian Policy of His Majesty’s Government. ) । পৰৱৰ্তী সময়ত (৩ মাৰ্চ, ১৯৬৭) তেওঁক অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অতি সন্মানীয় হাৰ্বাৰ্ট স্পেন্সাৰ বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আমন্ত্ৰণ ক্ৰমে তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ তেওঁ প্ৰভাৱশীল শিক্ষক আছিল। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰাৰ পাছত অতি সন্মানীয় ভাৰতীয় অসামৰিক পৰীক্ষাত ( Indian Civil Service) উত্তীৰ্ণ হোৱাটো তেওঁৰ বাবে ল’ৰা ধেমালি আছিল বুলিহে কৈ তেওঁ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। শুনা যায় যে অক্সফোৰ্ড ফেৰৎ পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈয়ে কিয় আই চি এছ পৰীক্ষাত নবহিল, তাৰ উত্তৰ ৰূপে হুমায়ুন কবিৰৰ এই মন্তব্য কোনো কোনোৱে উদ্ধৃত কৰিছিল। হুমায়ুন কবিৰ আছিল অতি ওখ খাপৰ কবি। তেওঁৰ ‘ Trains ‘ শীৰ্ষক কবিতাৰ এই শাৰীকেইটা ভাৰতীয় ইংৰাজী কাব্য সাহিত্যৰ স্থায়ী অংশৰূপে পৰিগণিত হৈছে :
“Where do all these trains go day and night?/ You say they bore their way through hills,/They roar over bridges across mighty streams,/ They crash through forests and vast plains,/ But at the end of their restless journeyings- /Where do they go and finally rest?” ( দ্ৰষ্টব্য: The Golden Treasury of Indo- Anglian Poetry , Edited by VK Gokak.)
কেনোপনিষদত শিষ্যই সুধিছে যে কাৰ দ্বাৰা প্ৰেৰিত হৈ মনে বিভিন্ন বিষয়ৰ সৈতে নিজকে সংলগ্ন কৰে? হুমায়ুনৰ কবিৰৰ জীৱন -দৰ্শন আৰু তেওঁৰ কৰ্ম- প্ৰচেষ্টা মনৰ এই সংযোগক অনুধাৱন কৰাৰ যেন এক বিৰাট আয়োজন। কলিকতা আৰু অক্সফোৰ্ডৰ শিক্ষাই তেওঁৰ মনক প্ৰাচীন আৰু আধুনিক দুয়োটা দিশৰ সৈতে সংলগ্ন কৰিছে । ইয়াৰ ফলত তেওঁ এফালে ভাৰতীয় চিন্তাৰ ধাৰাবাহিকতাক লক্ষ্য কৰিছে ; আৰু আনহাতে ইমানুয়েল কাণ্টৰ চিন্তাৰ যোগেদি তেওঁ আবেগ ৰোহিত আৰু স্থিৰ বুদ্ধিৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি লৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত সমগ্ৰ দেশৰ বাবে তেওঁ যি শিক্ষাৰ মহাযজ্ঞ আৰম্ভ কৰিছিল, তাত তেওঁ সহিষ্ণুতা, ন্যায় পৰায়ণতা আৰু আবেগ ৰোহিত স্থিৰ দৃষ্টিক উচ্চ স্থান দি গৈছে। হয়তো এনেবোৰ কাৰণতেই আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত গণতান্ত্ৰিক শিক্ষাৰ যি পৰম্পৰা আজিও গঢ়ি নুঠিল, ভাৰতত সেই পৰম্পৰা সজীৱ, শক্তিশালী আৰু প্ৰাণৱন্ত। ভাৰতীয় ঐক্যত বিভিন্ন আঞ্চলিকতাৰ স্থান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰফেছাৰ হুমায়ুন কবিৰৰ আগ্ৰহ আৰু সক্ৰিয়তা স্মৰণযোগ্য। তেওঁ নিজেই বাংলা ভাষাত ওখ খাপৰ কিতাপ লিখিছিল ; অসমীয়া ভাষাত বিশ্বকোষ প্ৰণয়ন কৰিবলৈ তিনি কোটি টকা তাহানিয়েই দিছিল — এই দুয়োটা কথাই প্ৰফেছাৰ কবিৰৰ মনটোৰ বিশালতাক আৰু ভাষা – সংস্কৃতিৰ প্ৰতি তেওঁৰ অপৰিসীম শ্ৰদ্ধাক প্ৰতিফলিত কৰে। তেওঁ স্পষ্টকৈ কৈছিল যে দেশৰ প্ৰতিঘৰ মানুহৰ কোঠালী শিক্ষা আৰু জ্ঞানৰ পোহৰেৰে উজলি থাকিব লাগিব। এনেবোৰ দুৰদৃষ্টি সম্পন্ন, শিক্ষা ব্ৰতী মানুহৰ বাবেই আমাৰ দেশ পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ম্যানমাৰতকৈ বেলেগ আৰু স্বকীয় পৰিচয়ৰে সমৃদ্ধ।
