চেলুট তিৰংগা,অসম প্ৰদেশ সমিতি
ৰঙিলী বাৰ্ত্তাসেৱা- ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষ্যে লোৱা ৰাষ্ট্ৰীয় সংগঠন “”চেলুট তিৰংগা ” অসম ৰাজ্যিক সভাপতি শ্ৰী অনুপ সিনহাই কয় যে ভাৰতৰ জাতীয় পতাকা আমাৰ দেশৰ অখণ্ডতা আৰু সৰ্বভৌমতত্বাৰ প্ৰতীক আৰু সেইকাৰণে 15 আগষ্টৰ দিনা দেশৰ ৰাষ্ট্ৰীয় পাতাকাক সন্মান জনাই দেশৰ ঐক্য আৰু সংহতি অক্ষত ৰখাৰ সংকল্প লৈ গোটেই দেশতে তথা বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় ৰাষ্টবাদৰ হকে কাম কৰা অহা ৰাষ্ট্ৰীয় অনুষ্ঠান চেলুট তিৰংগাৰ অসম ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয়ভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) সৈতে যুটিয়া ভাৱে ৰাজ্যৰ ৰাজধানী গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলক লৈ *লতাশিল খেল পথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ* ১৫ আগষ্টৰ পুৱা ১০ বজাৰ পৰা বেণ্ড সহ বৰ্ণাঢ্য সা সজ্জাৰে বিশাল তিৰংগা যাত্ৰাৰ কাৰ্যসূচী লয়।কাৰ্য্য সূচীৰ আৰম্ভণিতে এ বি ভি পি আৰু চেলুট তিৰঙ্গাৰ কাৰ্যকৰ্তাই ইলেক্সনিক মোডিয়া, ডিজিটেল মেডিয়া আৰু প্ৰিন্ট মেডিয়াৰ সাংবাদিক সকলক সম্বৰ্ধনা জনায়।
এই মহৎ উদেশ্যৰে উৎযাপন হব লগা কাৰ্যসূচীত অসমৰ হৈ চেলুট তিৰংগা ৰাষ্ট্ৰীয় পৰ্য্যবেক্ষক , ৰাষ্ট্ৰীয় সমিতিত প্ৰতিনিধিত্ব কৰা সন্মানীয় বিষয়ববীয়া সমূহ ,অসম ৰাজ্যিক সমিতিত প্ৰতিনিধিত্ব কৰা সন্মানীয় বিষয়ববীয়া ও কাৰ্যকৰী সদস্য /সদস্যা,যুৱ আৰু মহিলা মৰ্চাৰ সমুহ সন্মানীয় বিষয়ববীয়া আৰু বিভিন্ন কোষৰ দায়িত্বত থকা বিষয়ববীয়া তথা সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তা সকলক উপস্থিত থাকে।
ৰাজ্যিক সমিতিয়ে উদযাপন কৰা এই কাৰ্যসূচীৰ উপৰিও অসমৰ 23 খন জিলাতো *চেলুট তিৰঙ্গাৰ* জিলা সমিতি সমূহৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী যেনে বাইক ৰেলী, অনাথ শিশুক ফল মুল আৰু মিঠাই বিতৰণ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত জাতীয় পাতাকা বিতৰণ আৰু বিভিন্ন দেশৰ অখণ্ডতাৰ ওপৰত বক্তৃতা অনুষ্ঠান আয়োজন কৰে। অসমৰ বিভিন্ন ঠাইত সকলো স্তৰৰ লোকৰ বৰ চেলুট তিৰংগা ৰ কাৰ্য্যসূচী সমূহত ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলে ব্যাপক সহাৰি জনায়।