ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন জনজাতিৰ বৈচিত্রময় সংস্কৃতি

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন জনজাতিৰ বৈচিত্রময় সংস্কৃতি

এম হাছিম আলী,ডিব্ৰুগড়,  ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিভিন্ন জনজাতি সকলৰ বৈচিত্রময় সংস্কৃতি চৰ্চা, উদ্ধাৰ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সাধাৰণ সভাৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি ১১ আগষ্টত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে অনুষ্ঠানটি আৰম্ভ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনজাতীয় সাংস্কৃতিক দল তিৱা, মিচিং দেউৰী দলে অংশ গ্ৰহণ কৰি নিজ নিজ সংস্কৃতি প্ৰদৰ্শন কৰে এই অনুষ্ঠানত। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মহাসভাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে অনুষ্ঠানটিত । কাৰ্যনিৰ্বাহক সদস্য বসন্ত সোনোৱাল আৰু মহাসভাৰ উপ সভাপতি ড০ পৱিত্ৰ কুমাৰ পেগুৰ তৎপৰতাত এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হয়। প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা সংস্কৃতি আছে নিজা কলা কৃষ্টি আছে কিন্তু এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ সংস্কৃতি নাজানে , বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি ৰক্ষা তথা পৰস্পৰে পৰস্পৰৰ সংস্কৃতি জনাৰ উদ্দেশ্য আগত ৰাখিয়েই এনেধৰণৰ অনুষ্ঠান তথা মঞ্চ তৈয়াৰ কৰা কথা জানিবলৈ দিয়ে মহাসভাৰ উপ সভাপতি ড০ পবিত্ৰ কুমাৰ পেগুৱে।