অসমীয়া গণিতজ্ঞ -ড° বিনয় কুমাৰ তামুলী – বন্দিতা শৰ্মা কন্দলি

অসমীয়া গণিতজ্ঞ -ড° বিনয় কুমাৰ তামুলী

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

১৯২৪ চনৰ ২৯ জুলাইত জন্ম গ্ৰহণ কৰা ড° বিনয় কুমাৰ তামুলী আছিল এজন সমাজ হিতৈষী বিজ্ঞান সাধক আৰু গণিতজ্ঞ । বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে গঠন হোৱা অসম বিজ্ঞান সমিতিৰ তেখেত বৰ সক্ৰিয় আৰু উৎসাহী সদস্য আছিল। তেখেতৰ পিতৃ আছিল যাদৱ চন্দ্ৰ তামূলী আৰু মাতৃ আছিল কাশীশ্বৰী তামূলী।কৰ্মসূত্ৰে তেওঁলোকে পাগলাদিয়া নৈৰ পাৰৰ গাঁও এৰি গুৱাহাটীৰ উজানবজাৰৰ যোৰপুখুৰীপাৰৰ স্থায়ী বাসিন্দা হয়। বিনয় কুমাৰে ১৯৪০ চনত কটন কলেজিয়েট স্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই এছছি কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৬ চনত গণিতত স্নাতকোত্তৰ উপাধি লাভ কৰে।১৯৪৮ চনত বৰ্তমানৰ কানৈ কলেজত প্ৰথম শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি যোৰহাট জগন্নাথ বৰুৱা কলেজত কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫২ চনত কটন কলেজত যোগদান কৰে।১৯৫৩ চনত তেখেতে প্ৰশাসনিক বিষয়াৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম স্থান লাভ কৰে যদিও শিক্ষকতা এৰি নিদিলে। ১৯৭৪ চনত বিনয় কুমাৰ তামুলীয়ে মৌলিক বা বিশুদ্ধ গণিত বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।১৯৬০ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
অধ্যয়ন প্ৰিয় তামূলীয়ে গণিতৰ উপৰিও সাহিত্য, দৰ্শন, মহাকাশ বিজ্ঞান আদি সকলো বিষয়তে দক্ষতা অৰ্জন কৰিছিল। তেখেতে বিশেষকৈ বিশ্বব্ৰহ্মাণ্ড আৰু মহাকাশৰ বিষয়ে বিভিন্ন প্ৰৱন্ধ আৰু গণিতজ্ঞৰ জীৱনী লিখিছিল। তেখেতে লিখা পুথি কেইখন হৈছে বিশ্বৰহস্য ১৯৬০চনত, মহাকাশ অভিযান ১৯৬২চনত, এন ইনট্ৰʼডাকশ্যন টু দা থিঅʼৰি অৱগ্ৰুপছ ১৯৬২ চনত,কণ্টেমপʼৰেৰি এলজেব্ৰা ১৯৭৭ চনত,বিমূৰ্ত গণিত ১৯৭৭ চনত আৰু ভিন্নসুৰীয়া ১৯৯৩ চনত।১৯৫৬ চনত বিনয় কুমাৰ তামুলীৰ বিবাহ সম্পন্ন হয় প্ৰতিভা বৰুৱাৰ লগত। সমাজ সচেতন তামূলীয়ে ১৯৪৯ চনত ডিব্ৰুগড়ত শিক্ষকতা আৰম্ভ কৰাৰ সময়তেই ‘ ছাত্ৰ কল্যাণ সমিতি ‘ নামৰ এটা অনুষ্ঠান গঢ়ি তুলিছিল।১৯৫০ চনৰ পৰা তিনি দশকৰো অধিক কাল অসম বিজ্ঞান সমিতিৰ কামত জড়িত হৈ আছিল। তাৰোপৰি ১৯৮৬ চনত ‘গাঁও কল্যাণ বস্ত্ৰ ঔদ্যোগিক প্ৰকল্প ‘ ,১৯৮৮ চনত ‘অসম সমাজ সচেতন মঞ্চ ‘ ,১৯৯৪ চনত ‘অসম শিশু কল্যাণ সদন ‘ আদি অনুষ্ঠান গঢ়ি সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ বাবে চেষ্টা কৰিছিল। তেখেতৰ কৰ্মময় জীৱনৰ পৰিসমাপ্তি ঘটে ২০০৬ চনৰ ১৪ জুন তাৰিখে।