ভিক্ষা – মামণি পাপৰি বৰুৱা বৰা

PC - DeviantArt

অণুগল্প

ভিক্ষা

মামণি পাপৰি বৰুৱা বৰা
কলিয়াবৰ

তাই নিজৰ বাহু বলেৰে সন্তানক লৈ সংসাৰ খন আগুৱাই নিয়া দেখি ৰাতিৰ আন্ধাৰত তাইৰ ওচৰত ভিক্ষা বিচৰা মানুহৰ হেতা ওপৰা।
মজবুত কৰি তাই বনাই লৈছে ডুৱাৰ মৰা ডাং ডাল, জীৱনৰ সুৰক্ষাৰ বাবে…।