অচিনাকি – শৈলেন কুমাৰ

PC - peakpx

অচিনাকি 

শৈলেন কুমাৰ
মিৰ্জা , কামৰূপ 

অচিনাকি আজিও তুমিমই
চিনাকি জানো সমাজৰ নাট ৷
বতাহজাকে হয়তো নেজানে
ফুলৰ সুগন্ধি কিন্তু সি বলিব জানে আকাশগংগা হৈ ৷

তোমাৰ মুৰৰ ৰঙা দাগটোৱে
হয়টো বহুতকে কৰে অতিষ্ঠ ৷
মাজনিশাৰ চিঞৰ,বুকুৰ বেদনা,বিফলতাৰ সমুদ্ৰ ৷

ককবকাই থকাজনক খেদি ফুৰিছে দুঃস্বপ্নই,
আহৰি পোৱা নাই,
মেঘৰ আঁৰত লুকুৱাই হাঁহিছে ঘোৰ অমাৱশ্যাই ৷

শিকলিৰে মেৰিয়াই ধৰিছে
অন্ধকাৰ ভৱিষ্যত,
নিৰাশাই দিছে জীৱনত ভ্ৰান্তি,
বিশ্বাসৰ সাঁকোখনো আজি ধৰি ৰাখিবলৈ অমান্তি ৷

যাত্ৰাত চিনাকি অন্তকালত যাৱ পাহৰি,
মনৰ কথা স্মৃতি হৈ ৰৱ সপোনৰ সমাধিত ৷
আকৌ এবাৰ অচিনাকি হৈ যাম,
আঁৰকাপোৰ নামিলে মঞ্চৰ,
ব’লা আমি আগুৱাই যাওঁ ৷