সন্তানৰ বাবে ভৌতিক সম্পদ নহয় অভিভাৱক সকলে সন্তানক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগে – অনামিকা (সংগীতা)কলিতা

Pc Melbourne Child Psychology

সন্তানৰ বাবে ভৌতিক সম্পদ নহয় অভিভাৱক সকলে সন্তানক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগে

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হয়,একমত ।ধৰাখন সুন্দৰ কৰি ৰাখিবলৈ মানৱ সম্পদৰ ওপৰত গুৰুত্ব দিব লাগিব।কাৰণ আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক হ’ব ।গতিকে সেই সম্পদক বেছি গুৰুত্ব দিব লাগিব ,কাৰণ মানৱ  সম্পদ ঠিকে নাথাকিলে ভৌতিক সম্পদৰ কোনো মূল্য নাই। অভভাৱক সকলক দেখিছোঁ  সন্তানৰ কাৰণে এসোপা ধন ,মাটি বাৰী সম্পদ আহৰণ কৰিলেই দায়িত্ব শেষ বুলি  ভাবে ।যদি সন্তান সু-চৰিত্ৰ বান হিচাপে গঢ়ি তুলিব নোৱাৰে সেই সম্পদ অমূল্য হীন ।সন্তান যদি অসৎ চৰিত্ৰৰ হয় ,সেই সকলো সম্পদ ধ্বংশ কৰাই নহয় তাৰ জীৱনো অন্ধকাৰ দিশত গতি কৰিব পাৰে ।

গতিকে অভিভাৱক সকলে সন্তানৰ কাৰণে সম্পদ আহৰণৰ ওপৰত গুৰুত্ব দিয়াতকৈ সন্তানক সম্পদ হিচাপে গঢ়ি তুলিব লাগিব।তাৰ কাৰণে অভিভাৱকে সন্তানক সু-পৰিকল্পিত ভাবে মৰম আৰু বন্ধুত্বৰে সিহঁতক তদাৰক কৰিব লাগিব। কোমল বাঁহ ডাল ভাঁজ নোখোৱাকৈ সময়ত যাতে উপযুক্ত এডাল পৰিপক্ক বাঁহৰ সৃষ্টি হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।তেতিয়াহে সেই সন্তান মানৱ সম্পদ হিচাপে সমাজত নিজৰ প্ৰতিচ্ছবি ডাঙি ধৰিব পাৰিব। তেতিয়া সমাজ আৰু দেশ প্ৰগতিৰ পথত আগুৱাই যোৱাত সহায় কৰিব। কাৰণ ব্যক্তিৰ পৰাহে সমাজৰ সৃষ্টি হয়।