শাওণৰ অনুভৱ
ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, দেৰগাঁও
শাওণ অসমীয়া বর্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। শাওণত ৩২ দিন থাকে।শ্রবণা নক্ষত্ৰৰ সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ বা শাওণ হৈছে।
হিন্দু ধৰ্ম অনুসৰি শাওণ মাহটো অতি পবিত্ৰ মাহ বুলি মনা হয় ।এই মাহটো ভক্তসকলে ভগৱান শিৱৰ মাহ হিচাপে গণ্য কৰে। এই মাহটো ভগৱান শিৱৰ প্ৰিয় মাহ বুলি ধাৰণা।
শাওণ মাহ ‘বর্ষা’ ঋতুৰ সময়। এই সময়ত অসমত ধাৰাসাৰ বৰষুণ হয়। অসমৰ বহু অঞ্চল বানপানীৰ দ্বাৰা ক্ষতিগ্রস্ত হয়। অসমৰ খেতি পথাৰত ৰোৱা কঠীয়াই পোখা মেলিবলৈ আৰম্ভ কৰে আৰু ধান গছৰ পাতৰ বৰণ গাঢ় সেউজীয়া হয়। এতিয়া শাওণৰ পথাৰত বোকা-পানীৰে লুতুৰি-পুতুৰি কৃষক-ৰোৱনী । যান্ত্ৰিকতাৰ কৰা আঁতৰি , ৰ’দ-বৰষুণ নেওচি নাচি- বাগি কঠীয়া ৰোৱাত ব্যস্ত এওঁলোেক..।আঘোণত সোণ গুটি চপাবলৈ শাওণৰ পথাৰত ব্যস্ত এতিয়া কৃষক। ৰোৱনী সকলে পথাৰত নাচি বাগি বোকাৰে লুতুৰি পুতৰি হৈ ব্যস্ত গোছা ৰোৱাত।
একাঠু পানী আৰু এপল বোকাৰ মাজত ৰুইছে ভূঁই ৰুইছে ৰোৱনী জাকে। সেউজীয়াৰেই সপোন ৰচি আনন্দ উল্লাসৰে গাইছে গান। সৰু বৰ আঙুলিৰ পৰশেৰে ধান পুলিবোৰ বোকাত গুজি জগতখন সজাম বুলি ন-কৈ সেউজ ৰং সানি। ।ৰ’দ, বৰষুণক নেওচি ভূঁই ৰোৱা ৰোৱনীবোৰৰ মনত কেৱল এটাই হেঁপাহ উকা পথাৰখনক কি দৰে কৰিব পৰি সেউজীয়া যাতে জগতখন থাকিব নালাগে ক্ষুধাৰ তাৰনাত চটফটাই । এতিয়া শাওনৰ পথাৰত চহা ,শাওনৰ পথাৰত এতিয়া ৰোৱনিৰ হাতে হাতে মুঠি মুঠি আশাৰ শইচ।চহাই সীৰলুৰে সপোন ৰচিছে এটি শাওণৰ কবিতাৰে । ৰোৱনীয়ে ৰচিছে সেউজীয়া ,সেউজীয়া সপোন।