ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিক অভিনন্দন: চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিক অভিনন্দন: চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ

ডিব্ৰুগড়, ১ আগষ্ট, ষ্টাফ ৰিপ’ৰ্টাৰডিব্ৰুগড় জিলাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ত্ৰি-বাৰ্ষিক (বৰ্দ্ধিত) অধিবেশনত নৱনিৰ্বাচিত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্ত, সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাস প্ৰমুখ্যে কাৰ্যনিৰ্বাহকৰ প্ৰতি অসম চাহ জনগোষ্ঠীৰ ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়কে অভিনন্দন জ্ঞাপন কৰে। অসম চাহ জনগোষ্ঠীৰ ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক গৰাকীয়ে দি‌য়া এক প্ৰেছ বিজ্ঞপ্তিত সাংবাদিক সংগঠন ডিব্ৰুগড় প্ৰেছ ক্লাবে ডিব্ৰুগড় সংবাদ ক্ষেত্ৰলৈ সংবাদ সেৱাৰ জৰিয়তে উল্লেখযোগ্য বৰঙনি যোগাবলৈ সক্ষম হোৱাৰ উপৰিও ডিব্ৰুগড় প্ৰেছ ক্লাবে গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ সক্ষম হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰি অনাগত ভৱিষ্যতৰ দিনত ডিব্ৰুগড় প্ৰেছ ক্লাবে সামাজিক দায়বদ্ধতাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স‍ংগ্ৰামী যাত্ৰাত সফলতাৰ প্ৰতিফলিত কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে নৱনিৰ্বাচিত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত ডিব্ৰুগড় প্ৰেছ ক্লাবে ডিব্ৰুগড় সংবাদ জগতৰ সামাজিক উত্তৰণ, জনসাধাৰণৰ সেৱা কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে প্ৰগতিশীল চিন্তা চেতনাৰে কৰ্ম প্ৰেৰণাৰে নিশ্চিত ভাৱে উপকৃত কৰিব বুলি প্ৰকাশ কৰে।

এম হাছিম আলী
ডিব্ৰুগড়