জইন্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নচ, অসমৰ বিক্ষোভ
গুৱাহাটী,৩০ জুলাইঃ
গুৱাহাটীৰ পানবজাৰস্থিত মেঘদূত ভৱনৰ মুখ্যদ্বাৰৰ সন্মুখত আজি জে চি টি ইউ অসমে ৰাজ্যৰ নানান সমস্যাৰ ওপৰত হাতে হাতে বেনাৰ প্লেকাৰ্ড আদি লৈ বিভিন্ন শ্লোগান দি এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। তেওঁলোকক সহযোগ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা আৰু চি আই টি ইউয়ে। তেওঁলোকে বিজেপি চৰকাৰ হায় হায়, অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষনা কৰক, বান আক্ৰান্ত লোকক পৰ্য্যাপ্ত সাহায্য যোগান ধৰক, ৰাজ্যৰ বাট পথ অতি শীঘ্ৰে মেৰামতি কৰক, অংগণবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত কৰক ইত্যাদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। বিভিন্ন বক্তাই ভাষণ প্ৰসংগত বিহাৰৰ কথা উল্লেখ কৰি কয় যে বিহাৰৰ বানপানীত কেন্দ্ৰই ১০৫০০ কোটি টকা অনুদান দিয়ে, ঠিক একেদৰে অসমৰ বানপানীৰ সমস্যাত এটকাও অনুদান নাই। তাৰোপৰি এই চৰকাৰে ১ আগষ্টৰ পৰা চৰকাৰী মেডিকেলত ২০ শতাংশ খৰচ অতিৰিক্ত বহন কৰিব লাগিব বুলি ঘোষণা কৰা কথাও উল্লেখ কৰে।তেওঁলোকে আজি পানবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত সহ আৰক্ষী পৰিদৰ্শকৰ হাতত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ বুলি দুখন স্মাৰক পত্ৰ প্ৰথমতে ৰাইজৰ আগত পাঠ কৰে আৰু তাৰ পিছত প্ৰদান কৰে। ইয়াৰ উপৰি অসম অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰহৈ প্ৰধানমন্ত্ৰী লৈ তেওঁলোকৰ বহুমূলীয়া দাবী সম্বলিত স্মাৰক পত্ৰ এখন ও প্ৰদান কৰে।আজিৰ বিক্ষোভ কাৰ্যসূচীত জে চি টি ইউৰ সভাপতি গৰ্গ ৰাম তালুকদাৰ, সম্পাদক ভবেন কলিতা, সতঞ্জিব দাস, ভোলা শৰ্মা, চি আই টি ইউৰ সম্পাদক তপন শৰ্মা, গুৱাহাটী মহানগৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জুন চেতিয়া, সম্পাদিকা অৰ্পন দাস, সদস্যা উষা দাসৰ উপৰিও প্ৰায় ৬০ জন কৰ্মকৰ্তা অংশগ্ৰহণ কৰে