বেলতলাৰ ৰাণীৰ মৃত্যুত জাতীয় পৰিষদৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰে ৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত কয় যে ‘বেলতলা ৰাণী’ নামেৰে খ্যাত প্ৰয়াত উমা দেৱী বিজনী অভয়াপুৰীৰ ৰাজ পৰিয়ালৰ জীয়ৰী তথা বেলতলা মৌজাৰ মৌজাদাৰ পৰীক্ষিত নাৰায়ণ দেৱৰ মাতৃ সেই প্ৰজন্মৰ শেষৰ গৰাকী ব্যক্তি আছিল। তেওঁৰ মৃত্যুত এটা ঐতিহাসিক যুগৰ সামৰণি পৰে । ৯১ বছৰত মৃত্য বৰণ কৰা ‘ৰাণী’গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই জাতীয় পৰিষদে বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা বুলি শোকবাৰ্তাটোত ভূঞাই উল্লেখ কৰে ৷