লিমাৰিক
জয়া শৰ্মা
ডিব্ৰুগড়
( ১)
লিমাৰিক লিখাটো যে সহজ নহয়
সংখ্যা মিলাওতে আউল লাগি যায়
নানা কথা আছে মোৰ
লিখিলে লাগে জগৰ
ভাবি চিন্তি থাকোতে মাথা ঘূৰাই যায় ॥
(২)
এমাহ ধৰি মূষলধাৰ বৰষুণ
বানপানীত মানুহে হেৰুৱালে প্ৰাণ
বস্তুৰ যে চৰা দাম
আমিবোৰে কিনো খাম
গুৱাহাটীত শিশুৱে হেৰুৱালে প্ৰাণ ॥