দৰঙত নতুন নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ

দৰঙত নতুন নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈৰ গা-ধোৱা ঘাটত আয়োজিত এক অনুষ্ঠানত কালি জিলাখনৰ নৈ-পৰীয়া ৰাইজৰ সুবিধাৰ কাৰণে এক নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ কৰা হয়। দৰং জিলা প্ৰশাসনে চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী ৰিচাৰ্ছ (চি-নেছ) আৰু গ্লেনমাৰ্ক ফাউণ্ডেশ্যনৰ সহযোগত এই নৌকা স্বাস্থ্য সেৱা প্ৰৱৰ্তন কৰিছে। অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব টি ৱাই দাসে মঙ্গলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস, দৰঙৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে আৰু অন্যান্য সকলৰ উপস্হিতিত নৌকা স্বাস্থ্য সেৱাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে জিলাখনৰ স্বাস্থ্য ক্ষেত্ৰত এক নতুন মাত্ৰাৰ সংযোজন হ’ল বুলি মন্তব্য কৰে।ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে স্বাস্থ্য, যোগাযোগ আদি ক্ষেত্ৰৰ উন্নয়নৰ বাবে তেওঁ পূৰ্বে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰসংগত অঞ্চলবাসীৰ বাবে এখন নৌকা এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে। প্ৰাক্তন মুখ্য সচিব টি ৱাই দাসে কয় যে প্ৰান্তীয় অঞ্চলৰ লোক, বিশেষকৈ মহিলা, স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত পিছপৰি থাকে। পাৰ্বত্য অঞ্চলৰ এগৰাকী জীয়ৰী হিচাপে নিজৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি তেওঁ কয় যে হিমালয়ৰ পৰ্বতীয়া অঞ্চলৰ পিছপৰা গ্ৰামাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ বাসিন্দালৈকে সকলো পিছপৰা অঞ্চলৰ বাসিন্দাই চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত পিছপৰি ৰয়। অৱশ্যে বৰ্তমান চৰকাৰ আৰু বিভিন্ন সংস্থাৰ উদ্যোগত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে। উক্ত নৌকা স্বাস্থ্য সেৱাই দৰঙৰ চৰ-চাপৰি অঞ্চলৰ চিকিৎসা সেৱাৰ যথেষ্ট উন্নয়ন সাধন কৰিব বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব আৰু চি-নেছৰ ন্যাসৰক্ষী হিমাংশু শেখৰ দাসে কয় যে পিছপৰা অঞ্চলত সামান্য স্বাস্থ্য সচেতনতা আৰু ন্যূনতম চিকিৎসা সেৱাৰ অভাৱতে মানুহে কষ্ট ভোগে। নিজৰ চাকৰি জীৱনৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে এই কথা প্ৰযোজ্য বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে স্বাস্থ্য সচেতনতা আৰু সামান্য সুবিধাৰ অভাৱত মহিলাসকলে জীৱনজুৰি যন্ত্ৰনা ভোগে। এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। চৰকাৰৰ সৈতে বেচৰকাৰী প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন আদিৰ সহযোগিতাই স্বাস্থ্য খণ্ডত বিভিন্ন পৰিৱৰ্তন সাধন কৰিব পাৰে আৰু আজিৰ পৰা আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱা ইয়াৰে উদাহৰণ বুলি তেওঁ লগতে কয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে দৰং জিলাই স্বাস্থ্য ক্ষেত্ৰত শেহতীয়াভাৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। পূৰ্বে নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত জিলাখন যথেষ্ট পিছপৰি আছিল। কিন্তু স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলোৰে সহযোগত এনে মৃত্যুৰ হাৰ শেহতীয়াকৈ উল্লেখনীয়ভাবে হ্ৰাস পাইছে। জিলাখনত চৰ অঞ্চলত নাৱেৰে সময়ে সময়ে টীকাকৰণ আৰু অন্যান্য চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হয়। আজিৰে পৰা আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱাৰ পৰা চৰ-চাপৰিৰ ৰাইজ চিকিৎসা লাভৰ ক্ষেত্ৰত বিশেষভাবে উপকৃত হ’ব বুলি মন্তব্য কৰে। ইয়াৰ বাবে তেওঁ গ্লেনমাৰ্ক ফাউণ্ডেশ্যন আৰু চি-নেছলৈ ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ লগতে স্বাস্থ্য বিভাগৰ জিলা আৰু খণ্ড পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী, গ্লেনমাৰ্ক ফাউণ্ডেশ্যন আৰু চি-নেছৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।