বুঢ়ীদিহিং নদীৰ বানত ধ্বংস স্তূপলৈ পৰিণত বৃহত্তৰ ভগামূৰ অঞ্চলৰ পাঁচ খনকৈ গাঁৱৰ খেতিপথাৰঃ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ৰাইজৰ

বুঢ়ীদিহিং নদীৰ বানত ধ্বংস স্তূপলৈ পৰিণত বৃহত্তৰ ভগামূৰ অঞ্চলৰ পাঁচ খনকৈ গাঁৱৰ খেতিপথাৰঃ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ৰাইজৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বুঢ়ীদিহিঙৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি ধ্বংসস্তূপত পৰিণত কৰি থৈ গ’ল ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত পশ্চিম ৰাজহচক্ৰৰ অধীনৰ লৰুৱা মৌজাৰ ভগামূৰৰ লগতে প্ৰায় পাঁচখনকৈ গাঁও। বিভাগীয় জলসম্পদ বিভাগ অথবা ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই পাঁচ খনকৈ গাঁও তচনচ হোৱা বুলি ৰাইজৰ অভিযোগ। উল্লেখযোগ্য যে চলিত জুলাই মাহৰ ১ তাৰিখে কৃষি প্ৰধান ভগামূৰ অঞ্চলটোৰ পাঁচখনকৈ গাঁৱৰ ৰাইজৰ মূল ৰক্ষাকবছ ভগামূৰ ব্লক ৰিংবান্ধটো বুঢ়ীদিহিং নৈৰ বাঢ়নি পানীয়ে ভাঙি প্লাৱিত কৰিছিল সমগ্ৰ অঞ্চলটো। এই ৰিংবান্ধটো ভগাৰ ফলত সৃষ্টি হৈছিল এক হাঁহাকাৰ আৰু অভাৱনীয় পৰিবেশৰ। বানপানীয়ে উটুৱাই লৈ গৈছিল ঘৰ-বাৰী, পোহনীয়া জীৱ-জন্তু সহ সা-সম্পত্তি। তচনচ কৰি থৈ গ’ল শাওণ মহীয়া পথাৰ খনত সেউজীয়া সপোন দেখা চহা কৃষক সকলৰ কষ্টোপাৰ্জিত হেঁপাহৰ কঠিয়া কেইডাল। এতিয়া পথাৰলৈ মূৰ ঘুৰালেই দেখা পায় কেৱল বালি আৰু বালি। উকা হৈ পৰিছে শাওণ মহীয়া সুজলা সুফলা পথাৰখন। কঁপালৰ ঘাম মাটিত পেলাই কৰা ভঁৰালৰ ধান কেইটাও পানীত তিতি অনিষ্ট হ’ল, বানপানীত অনিষ্ট হোৱা ধান ভড়ালতেই গজালি মেলি বিস্তৰ ক্ষতি সাধন হ’ল । পানী হৈ থকাৰ সময়ত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সেই স্থান পৰিদৰ্শন কৰিছিল যদিও এটা পানীৰ বটল, মম এডাল আৰু এপেকেট বিস্কুট দি দায়িত্ব সামৰিলে বুলি বান বিধ্বস্ত আৰু বানত সৰ্বাস্বান্ত ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে ।বানত সম্পূৰ্ণ ৰূপে বিধ্বস্ত নিথৰুৱা কৃষক সকলক চৰকাৰে কিছু উপকৃত কৰি দিব বুলি আশা কৰি আছে এইসকল কৃষকে, কিন্তু সেই আশা পূৰণ হ’বনে এইয়া কৃষক সকলৰ অন্তৰ্নিহিত দুখ আৰু কৰুণ হৃদয়ৰ পৰা থুকা থুকি মাতেৰে,অশ্ৰুসিক্ত নয়নেৰে সংবাদ মাধ্যমৰ আগত কৃষক সকলে প্ৰকাশ কৰা যান্ত্ৰনাকাতৰ আবেগিক বৰ্ণনা।ভগামূৰ কোৱঁৰ গাঁৱৰ পৰা ব্লক কুমাৰ গাঁৱলৈ সংযোগী পাঁচ কি মি বুঢ়ীদিহিং নদীৰ ৰিংবান্ধটো বুঢ়ীদিহিং নদীৰ বানপানীয়ে ভাঙি মহতিয়াই নিয়াৰ ফলত ভগামূৰ তিনি আলি ,ভগামূৰ কোৱঁৰ গাওঁ, ব্লক কুমাৰ গাঁওকে ধৰি পাঁচখন গাঁৱৰ খেতি পথাৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি ঘৰ দুৱাৰ , ভঁড়াল , গোহালি ,ছাগলী গঁড়াল ,গাহৰি গঁড়াল উটুৱাই খেতিপথাৰৰ বিস্তৰ ক্ষতি কৰি নিথৰুৱা কৰাৰ উপৰিও বানৰ ঢলত অহা পলসে পুঁতি পেলালে কঠিয়া ,ৰোৱনী পথাৰ, নিজৰ সপোনৰ ঘৰখন উটুৱাই ধ্বংসস্তূপত পৰিণত হোৱা ঘৰখনলৈ সেমেকা চকুৰে চাই ৰৈছে গাঁওৰ বহু জনে। অন‍্যহাতে ছাত্র ছাত্ৰী সকলৰ সকলো কিতাপ-বহী তিতি অনিষ্ট কৰিলে বলিয়া বানে। বান শিবিৰৰ পৰা ঘৰলৈ অহাৰ পিছত বানে অনিষ্ট কৰা পাঠ‍্যপুথি সমূহ বিচাৰি আলফুলে পৃষ্ঠা সমূহ লুটিয়াই আছে এইকেইজন কণমানি ছাত্র‌ ছাত্ৰীয়ে। ফটা- চিটা কিতাপ সমূহকে ৰ’দত শুকুৱাই পুনৰ পঢ়িব সিহঁতে। সিহঁতৰো এটাই চিন্তা- চকুৰ সন্মুখতে ঘৰৰ সকলো সম্পদ বানে উটুৱাই নিয়াৰ পিছত কিতাপ কিনিবলৈও পিতৃৰ হাতত নাই ধন। এতিয়া অন‍্য বন্ধুৰ পৰা কিতাপ আনি পঢ়িব লগীয়া হৈছে। আহাৰ মহীয়া অভিশপ্ত বানপানীয়ে সম্পূৰ্ণ ৰূপে ভগামূৰ কোৱঁৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ্যপুথি অনিষ্ট কৰাৰ ফলত সম্প্ৰতি শৈক্ষিক অধ্যয়নৰ ক্ষেত্ৰত বঞ্চিত হোৱাৰ উপক্ৰম হৈছে বহু শিক্ষাৰ্থী,অন্ধকাৰ হৈছে শৈক্ষিক জীৱন। ঠিক সেই বানে ধোৱা ভগা মূৰ গাঁৱৰ ৰিং বান্ধটো খহাই কেবাঠাইতো চিগি নিয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰী সকলৰ বাবে চাইকেল চলাই যোৱাটো বাদেই খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰতো তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হব লগীয়া হৈছে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।প্ৰকাৰন্তে ঘৰ দুৱাৰ, খেতি পথাৰ, পোহনীয়া জীৱ জন্তু, ঘৰ-বাৰী, অনিষ্ট হোৱাৰ পিছত পিতৃ মাতৃৰ ভৱিষ্যতৰ জীৱন গঢ়াৰ আশাৰ প্ৰতিফলন সঞ্চাৰ ঘটাব আশাৰ সপোনৰ সন্তান সকলৰ অধ্যয়নৰ পাঠ্যক্ৰম বানে সৰ্বনাশ কৰিলে। উক্ত ভগা মূৰ কোৱঁৰ গাঁৱৰ হেমন্ত গোঁহাই নামৰ এইজন শিক্ষিত নিবনুৱা যুৱকে নিজৰ দহ লাখ টকা খৰছ কৰি আত্মনিৰ্ভৰশীলতাৰ বাবে খুলিছিল এখন কুকুৰা ফাৰ্ম। য’ত আছিল ৩ সহশ্ৰাধিক কুকুৰা। প্ৰলয়ংকাৰী বানত সকলো মৰিল গ’ল কুকুৰা। ইয়াৰ পিছতেই মনত আশা কৰি আছিল ইয়াৰ এটা উচিত ক্ষতিপূৰণ পোৱাৰ। এই সন্দৰ্ভত ডিব্ৰুগড় জিলা পশু চিকিৎসা বিষয়াক ঘটনাটো অৱগত কৰাত চন্দ্ৰ পেগু নামৰ বৰবৰুৱা খণ্ড পশু চিকিৎসা বিষয়া গৰাকীক দায়িত্ব দিছিল তদন্ত কৰিবলৈ। চন্দ্ৰ পেগুৱে সেই স্থান পৰিদৰ্শন কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষক সেই ক্ষতিগ্ৰস্তৰ প্ৰতিবেদন দাখিল নকৰাৰ অভিযোগ উত্থাপিত কৰিছে যুৱক জনে। যাৰ ফলত এতিয়া আত্মনিৰ্ভৰশীলতাৰ সপোন ভাঙি চুৰমাৰ হ’ল এইজন নিবনুৱা যুৱকৰ। এটা সত্য ঘটনাৰ ৰিপ’ৰ্ট বিষয়া জনে কিয় দাখিল নকৰিলে প্ৰশ্ন উত্থাপিত কৰিছে যুৱক জনে। এতিয়া বৰবৰুৱা খণ্ড পশু চিকিৎসালয়ৰ বিষয়া চন্দ্ৰ পেগুৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক। উল্লেখ্য যে ভগা মূৰ কোৱঁৰ গাঁৱৰ হেমন্ত গোহাঁইৰ ঘৰৰ সম্মুখেদি বুঢ়ীদিহিং নদীৰ ৰিংবান্ধটোৰ বৃহৎ অংশ ভাগি যোৱাৰ ফলত ঘৰ দুৱাৰ,ভড়াল, আৰু উক্ত ব্যক্তি গৰাকীৰ কুকুৰা ফাৰ্ম খন উটোৱাই নিয়াৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ ৰূপে নিথৰুৱা আৰু সৰ্বাস্বান্ত অৱস্থালৈ পৰ্যবসিত হল। বিশেষকৈ ভগা মূৰ কোৱঁৰ গাঁৱৰ পৰা ব্লক কুমাৰ গাঁৱলৈ সংযোগী বুঢ়ীদিহিং নদীৰ পাৰৰ ৰিং বান্ধটো বৰ্তমান কোনোপধ্যেই নিৰাপদ নহয় বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্যনীয় বিষয় যে ভগা মূৰ গাঁৱৰ বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধী জিআবেগ খহাই নিয়াৰ ফলত ৰিং বান্ধটোত প্ৰভাৱ বিস্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতেই ৰিংবান্ধটো কেবাঠাইতো টুকুৰা টুকুৰ কৈ ভাগি যায়। আনহাতে বৰ্তমান উক্ত ৰিং বান্ধটোৰ কাষেৰে বুঢ়ীদিহিং নদীৰ ভয়াবহ গৰাখহনীয়াই বৃহত্তৰ ভগামূৰ অঞ্চলৰ পাছখনকৈ গাঁৱৰ প্ৰতি এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় পাছখন গাঁৱৰ ৰাইজে জানিবলৈ দিছে। সদ্যহতে বুঢ়ীদিহিং নদীৰ বানপানী উঠিলেই ভগামূৰ কোৱঁৰ গাঁৱৰ পৰা ব্লক কুমাৰ গাঁৱলৈ সংযোগী ৰিং বান্ধটো বানপীয়ে উটোৱাই নিয়া সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে উক্ত ভগা মূৰ গাঁৱৰ পৰা বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধী জিঅ’বেগ খহাই নিয়ে। বুঢ়ীদিহিং নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে আতংকিত হৈ পৰিছে। স্থানীয় ভগা মূৰ গাঁৱৰ একাংশ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ভগামূৰ তিনি আলিৰ পৰা লেজাই পানীমিৰি গাঁৱলৈকে বুঢ়ীদিহিং নদীৰ মথাউৰিটো কোনোপধ্যেই নিৰাপদ নহয়। বিগত বানৰ সময়ত উক্ত মথাউৰিৰ কেবাঠাইতো উহঁ বিলাকেদি নিৰ্গত পানীয়ে বৃহৎ অংশত আশংকা নমাই আনিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ভগামূৰ কোৱঁৰ -ব্লক কুমাৰ গাৱঁলৈ সংযোগী ৰিংবান্ধটো কেনেবাকৈ সম্পূৰ্ণ খহাই নিলে আৰু অনাগত সময়ত বুঢ়ীদিহিং নদীৰ বানপানী হ’লেই উল্লেখিত পাঁচখন গাঁৱৰ উপৰিও ভগামূৰ গাঁৱৰ মূল বুঢ়ীদিহিং মথাউৰিটো বানপানীয়ে প্ৰভাৱ বিস্তাৰ কৰিব বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে। স্থানীয় ভগামূৰ কোৱঁৰ গাঁৱৰ স্থানীয় ৰাইজে অতি শীঘ্ৰেই ভগামূৰ কোৱঁৰ গাঁৱৰ পৰা ব্লক কুমাৰ গাঁৱলৈ সংযোগী বুঢ়ীদিহিং নদীৰ ৰিংবান্ধটো অস্থায়ী ভাৱে নিৰ্মান কৰা, বুঢ়ীদিহিং খহনীয়া প্ৰতিৰোধী জিঅ’বেগৰ পৰিবৰ্তে জিঅ’টিউৱ পদ্ধতিৰে প্ৰতিৰোধী পদক্ষেপ গ্ৰহণ কৰা , বানপানীৰ ফলত বিধ্বস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা,বানত সৰ্বাস্বান্ত খেতিয়কৰ বাবে বিকল্প কৃষি ব্যৱস্থা গ্ৰহণ আৰু বান বিধ্বস্ত ৰাইজক উপযুক্ত খাদ্য সামগ্ৰী দিয়া , চিকিৎসা সেৱা গ্ৰহণ, পশু খাদ্য পোৱাৰ ব্যৱস্থাকে ধৰি সকলো ইতিবাচক দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আনহাতে বান বিধ্বস্ত ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ,শাসক বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিও বান বিধ্বস্ত এই অঞ্চল পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে।