কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে বিকাশমুখী আৰু জনহিতৈষী বাজেট হিচাপে অভিহিত কৰিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটে দেশৰ আৰ্থিক বিকাশক আৰু অধিক ত্বৰান্বিত কৰি তোলাৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত সুনিশ্চিত কৰি তুলিব। বাজেটে যুৱ শক্তি, কৃষক , মহিলা সমাজৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিজন ব্যক্তিক বিশেষ গুৰুত্ব প্ৰদান কৰি উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বাজেট অনুসৰি অহা ৫ বছৰত ৪.১ কোটি যুৱকৰ বাবে নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। একেদৰে যুৱশক্তি বিকাশৰ বাবে বাজেটত ২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। শ্ৰী কলিতাই কয়, যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, যুৱশক্তিৰ বিকাশৰ কাৰণে কেন্দ্ৰীয় বাজেটত গ্ৰহণ কৰা পদক্ষেপ অতুলনীয়। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী সৰলৰ বাবে ক্ৰেডিট নিশ্চয়তা আচনিয়ে ক্ষুদ্ৰ উদ্যোগী সকলক লাভান্বিত কৰিব ৷ আয়কৰ গাঠনিৰ পৰিবৰ্তনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী সকলকো বাজেটত সকাহ দিয়া হৈছে ৷ একেদৰে কৃষিৰ বাবে ১.৫২ লাখ কোটি টকা ধার্য, কৃষক সকলৰ বাবে ১০ হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্তৰ লগতে কৃষি গবেষণা আৰু উৎপাদনশীলতাত গুৰুত্ব আৰোপ কৰা হৈছে। দেশৰ শক্তিখণ্ডৰ উন্নয়নৰ বাবে ২১,৪০০ কোটি টকা ধাৰ্য, গ্ৰামোন্নয়নৰ বাবে ২.৬৬ লাখ কোটি , কৰ্কট ৰোগৰ জৰুৰী ঔষধক কৰমুক্ত ঘোষণা, মহিলা সমাজৰ বিকাশৰ বাবে ৩ লাখ কোটি ধাৰ্য্য আদি বাজেটখনৰ লেখতলবলগীয়া দিশ। সামগ্রিকভাৱে কেন্দ্রীয় বাজেটখনে দেশৰ অৰ্থনৈতিক, ঔদ্যোগিক, আন্তঃগাঁথনি, শক্তি আদি প্ৰতিটো খণ্ডকে উপকৃত কৰিব। অসমৰ বাবেও বাজেটখনে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ অসমৰ বান সমস্যা সমাধানৰ হকে কেন্দ্ৰীয় চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলিও বাজেটত প্ৰস্তাৱ ৰখা হৈছে । মুঠতে দেশবাসীক এনে এখন জনদৰদী বাজেট উপহাৰ দিয়া বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্রীয় মন্ত্রী নিমালা সীতাৰণক আন্তৰিক ধন্যবাদ জনাইছোঁ।