ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সত্ৰীয়া সাংস্কৃতি কেন্দ্ৰৰ সহযোগত সত্ৰীয়া নৃত্য  কৰ্মশালাৰ  সমাপ্তি 

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সত্ৰীয়া সাংস্কৃতি কেন্দ্ৰৰ সহযোগত সত্ৰীয়া নৃত্য  কৰ্মশালাৰ  সমাপ্তি 
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে এইবছৰো সত্ৰীয়া সংস্কৃতিক সাধক প্ৰয়াত যতীন্দ্ৰ নাথ শৰ্মাৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত, ডিব্ৰুগড় বিধান সভা সমষ্টি ভিত্তিত গ্ৰীস্মকালীন সত্ৰীয়া নৃত্য কমশালাখনিৰ সফল সমাপ্তি হয়। যোৱা ৪ জুলাইৰ পৰা আৰম্ভহোৱা কৰ্মশালাখনি  ১৫ দিনীয়াকৈ চৌকিডিঙ্গীস্থিত ডিব্রুগড় সত্রীয়া সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। এই কৰ্মশালাখনিৰ প্ৰশিক্ষক  আছিল মাজুলী কমলাবাৰী সত্ৰৰ বৰবায়ন যোগেন দত্ত আৰু সহ: প্ৰশিক্ষক  মৃদুল শইকীয়াৰ লগতে কেইবাগৰাকীও অভিজ্ঞ প্রশিক্ষকে তৰুণ প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে বিগত কেবাবছৰৰ পৰা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এই কর্মশালাখনি  “ডিব্ৰুগড় সত্ৰীয়া সাস্কৃতিক কেন্দ্ৰ”ই অনুষ্ঠিত কৰি আহিছে । সেই উপলক্ষে ২১ জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৱা কাৰ্যসূচীৰে কৰ্মশালাৰ সামৰণি পৰে। কৰ্মশালাত  অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ  প্ৰতিভা সমূহ  প্ৰদৰ্শণ কৰে। সাংস্কৃতি কেন্দ্ৰৰ উপ-সভাপতি কৃষ্ণনাৰায়ণ দত্তই আতঁধৰা  সামৰণি অনুষ্ঠানত বিশিষ্ট কবি, তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ ভূতপূৰ্ব অধ্যাপক ড°কৰবী ডেকা হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ড° যাদৱ বৰা,  ডিব্ৰুগড় জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া যোগানন্দ বুঢ়াগোহাঁই, সাংস্কৃতিকসঞ্চা- লকালয়ৰ প্ৰাক্তন উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগু, শ্ৰীভাৰতী মহাবিদ্যালয়ৰ সঞ্চালক চেনিৰাম বৰা,সত্ৰীয়া সাংস্কৃতিৰ সাধক শিৱ হাজৰিকা, ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি মুনমুন শৰ্মা, সম্পাদক অমিতাৰ্ভ শৰ্মা, শিক্ষক, প্ৰীতিলতা চেতিয়া, কৃষ্ণাপঙ্কজা দত্ত,ৰাজীৱ দত্ত, জ্যেষ্ঠ্য সাংবাদিক যাদৱ গগৈকে প্ৰমূখ্য কৰি সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী সাংস্কৃতিক কৰ্মী আৰু শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অৱিভাবক এই অনুষ্ঠানত উপস্থিত থাকে।