চুটিগল্প
আপোন ঘৰ
আয়নাল হক ,ধুবুৰী
এটা মনে ভবা ঘৰ কাকনো নালাগে! সকলোকে লাগে। সকলোৱে বিচাৰে নিজাকৈ এটি সুন্দৰ ঘৰ। জীৱনৰ অধিকাংশ উপাৰ্জন এটা নিজা ঘৰ সজাওঁতেই খৰছ হয়।এটা পৰিকল্পিত ঘৰত সা-সম্পত্তিবোৰ নিৰাপদে ৰাখি আৰামপ্ৰিয় জীৱন কটাবলৈকে যেন মানুহৰ জীৱন সংগ্ৰাম।
ৰমানন্দও তাৰ ব্যতিক্ৰম নহয়। দৰিদ্ৰতাৰ লগত সৰুৰে পৰাই সংগ্ৰাম কৰি কৰি আজি কেইবছৰমান আগৰ পৰাহে সি অলপ স্বচ্ছল হৈছে। কৃষক মাক-দেউতাকৰ একমাত্ৰ ল’ৰা সি। তিনিজনী ছোৱালীৰ পিছৰ নুমলীয়া সন্তান ৰমানন্দ। দেউতাকে কষ্টোপাৰ্জিত ধনেৰে বায়েকহঁতক যেনে-তেনে গত লগালে। সি বি.এ.টো পাছ কৰি কেইবাটাও ইণ্টাৰভিউ দিয়াৰ অন্তত ডি.চি.অফিচতে কেৰাণীৰ চাকৰি এটা পালে। ডাঙৰ মানুহৰ লগত চাকৰি কৰাটোও জানো কম কথা! প্ৰথমতে সি তাৰ সহকৰ্মীসকলৰ লগত মিলা-মিছা কৰিবলৈ অসুবিধাই পাইছিল। পিছলৈ যেনিবা সহজ হ’ব পাৰিলে। তাৰ অমায়িক স্বভাৱটোৰ বাবে সকলোকে মোহিত কৰিব পাৰিলে।
চাকৰি পোৱাৰ তিনি বছৰৰ পিছত গাঁৱৰে ছোৱালী শকুন্তলাক বিয়া পাতি টাউনৰ ভাড়া ঘৰতে থাকিবলৈ ল’লে। ভাত মুঠিনো সময়ত কোনে ৰান্ধি দিব এইবুলি ভাবিয়েই মাক-দেউতাকে বোৱাৰীক তাৰ লগত পঠাই দিলে।
এদিন কথা প্ৰসঙ্গত অফিচত টাউনতে মাটি এডোখৰ লৈ ঘৰ সজাৰ কথা উলিয়ালে। বৰবাবুৱে পোন চাটেই ক’লে:–“মোৰ এডোখৰ মাটি আছে টাউনৰ সমীপতে। লাগিলে দিব পাৰোঁ।” বৰবাবুৰ কথা শুনি ৰমানন্দৰো লোভ লাগিল। শকুন্তলা আৰু মাক-দেউতাকৰ লগত আলোচনা কৰি সি মাটিডোখৰ কিনি ল’লে। মাটি লৈয়ে সি আৰ্থ ফিলিঙৰ পৰা আৰম্ভ কৰি মেটেৰিয়েলচ পেলালেই। মাক-দেউতাকে ভালেই পালে।টাউনতে আছে যেতিয়া ভাডঘৰতনো কিমান থাকিব সিহঁত !
মাটি দিয়াৰ অজুহাতত বৰবাবুৰ সঘন অহা-যোৱা হ’ল সিহঁতৰ ভাড়াঘৰলৈ। মাত্ৰ সৰু দুটা ৰূম। আলহী আহিলে কিমান অসুবিধা হয় সেইবোৰ চিন্তা কৰা মানুহ নহয় বৰবাবু। আজলী শকুন্তলাৰ হাতৰ চাহ-তামোল খাই খাই সময় উলিয়াই আহিবলৈ লোৱা বৰবাবুৰ চাল-চলন শকুন্তলাই ভাল নোপোৱা হ’ল।এদিনতো ৰমানন্দ নথকা সময়তে আহিছিল।ভাগ্যে সেইদিনা মালিকৰ ছোৱালীজনী তাইৰ লগত আছিল। সেয়ে এদিন তাই ৰমানন্দক ক’লে:–” বৰবাবুৰ স্বভাৱটো মোৰ বৰ ভাল লগা নাই। আপুনি আহিবলৈ মানা কৰিবচোন।” ৰমানন্দইও মন নকৰা নহয়। কিন্তু ওপৰৱালা বুলিয়েই একো ক’ব পৰা নাছিল। ৰাতি সি গোটেই কথাবোৰ চালি-জাৰি চাই শকুন্তলাক ক’লে:–“শুনা, এখন কংক্ৰিটৰ ঘৰ সাজি অভিজাত্যৰ ঢং দেখুৱাবলৈ যাওঁতে আমি আমাৰ প্ৰকৃত আপোন ঘৰখন ভাঙিব নোৱাৰোঁ। কেনেবাকৈ তোমাৰ মোৰ মাজত সন্দেহ সোমালে আমাৰ সম্বন্ধত ফাঁট মেলিব ।তেতিয়া জানো আমাৰ আপোন ঘৰখন ভাঙি নাযাব? তাতোতকৈ এই মাটিখিনি বিক্ৰী কৰি বৰবাবুৰ কৱলৰ পৰা মুক্ত হৈ থকাই মঙ্গল হ’ব বুজিছা !”
তাইও ৰমানন্দৰ কথাটো মানি ল’লে। তাই মনতে ভাবিলে—স্বামী-স্ত্ৰীৰ মাজত বিশ্বাস আৰু মৰম নোহোৱা এটা কংক্ৰিটৰ দালান কেতিয়াও আপোন ঘৰ হ’ব নোৱাৰে।—গভীৰ টোপনিত লাল-কাল ৰমানন্দৰ ভৰি দুটা তাই পাতল কাপোৰ এখনেৰে ঢাকি দি নিজেও পাতল কাপোৰ এখন লৈ তাৰ কাষতে শুই পৰিল…।