হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দৰ পানৱাৰক ইডিৰ গ্ৰেপ্তাৰ

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দৰ পানৱাৰক ইডিৰ গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় সংস্থা এনফ’র্চমেন্ট সঞ্চালকালয় (ইডি)য়ে খনি কেলেংকাৰিৰ গোচৰত হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰিন্দৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে ।হাৰিয়ানাৰ ছোনিপটৰ তেওঁৰ ঘৰৰ পৰা  ইডিয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ বিধায়কজনক। ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়। ইয়াৰ পূৰ্বে এই বছৰৰ ৪ জানুৱাৰীত ই ডিৰ এটা দলে ছোনিপটত সুৰেন্দৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহত তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ইডিয়ে কেতবোৰ গুৰুত্বপূর্ণ নঠি-পত্র জব্দ কৰিছিল। চলিত সপ্তাহত মহেন্দ্ৰগড়ৰ কংগ্ৰেছ বিধায়ক ৰাও দান সিঙৰ বাসগৃহ আৰু কাৰ্যালয়ত একেই দুর্নীতিৰ অভিযোগত তালাচী চলাইছিল সংস্থাটোৱে। আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূর্বে এয়া তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্নিত হৈছে।