শাওণৰ পথাৰত জিলিকে হাঁহি – যমুনা দুলু বৈশ্য

Pc- istock

শাওণৰ পথাৰত জিলিকে হাঁহি

 যমুনা দুলু বৈশ্য
শুৱালকুছি (বাথান )

তুমি অহা বাটে
নাঙলৰ সীৰলুৰে সোণালী আশা
শাওণৰ মাদলৰ উন্মাদনাত
সপোনৰ পোখা মেলে।

পলসভৰা বোকা মাটিৰ পৰশত
প্ৰাপ্তিত নাচে এবুকু হাঁহিৰ
খিলখিলনিৰ উভতনি ৰ’দালি ,
এজাক যেন সপোনৰ বৰষুণ হৈ নামে
সেউজ পথাৰ ভৰাই চৌপাশ ।

অ বাই ৰহদৈ আহিবিচোন এবাৰ চাবলৈ
মোৰ জুপুৰীৰে পাৰ হৈ যোৱা
শাওণৰ পথাৰ খন চাবলৈ ,
পিতাইৰ শালৰ মুঠি এৰিবৰ
বহু দিনে হ’ল তাত নুশুনো
খিতিক্‌ খিতিক্‌ শব্দ ,
খেতি কৰিলেও বান্দৰেহে খায়
ভূই ৰুৱা ধাননি বোৰ চাবলৈ
বোকা পানী গচকি ঠন ধৰা
শাৰী শাৰী ধাননিৰ অনাবিল মৰম ।