গোৱালপাৰাত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা

Pc iPleaders

গোৱালপাৰাত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰাত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা। ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ তদন্তৰ আওঁতাত সোমাই পৰা গোৱেলৰ গাড়ী চালক আচান আলীৰ লগতে আন এগৰাকী আটকাধীন অভিযুক্ত  আৰক্ষীৰ গুলীত আহত হৈছে । গোৱালপাৰা আৰক্ষীৰ মাৰাথন জেৰাত অশোক গোৱেলৰ গাড়ী চালক আচান আলীয়ে স্বীকাৰ কৰিছিল হত্যাৰ ষড়যন্ত্ৰৰ বিষয়ে ৷সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চহৰৰ নিকটৱৰ্তী মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বলদমাৰী চৰৰ নিজা বাসগৃহৰ পৰা জাহিদুল ইছলাম নামৰ আন এগৰাকী অভিযুক্তক আটক কৰে ।বিশেষ সূত্ৰে জানিব পৰা মতে যোৱা ১৪ জুলাইত শ’লমাৰী-গোৱালপাৰা পথত আগচি ধৰি ব্যৱসায়ী আশোক গোৱেলক পুত্ৰৰ সন্মুখতে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চাৰি-পাঁচজনীয়া হত্যাকাৰী দুৰ্বৃত্তৰ দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । সূত্ৰটোৱে সদৰী কৰা মতে, আশোক গোৱেলৰ গাড়ী চালক আচান আলীও ডকাইতৰ দলৰ সদস্য আছিল । অশোক গোৱেলৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ আওতাত সোমাই পৰা ডকাইত তথা দুই গাড়ীচালক আচান আলী আৰু জাহিদুল ইছলামক বুধবাৰে তদন্তকাৰী আৰক্ষীৰ উচ্চপদস্থ বিষয়াই সমগ্ৰ দিন ধৰি আগিয়া থানাত পৃথকে পৃথকে মাৰাথান জেৰা অব্যাহত ৰাখিছিল । ইয়াৰ মাজতে সন্ধিয়া হত্যাকাণ্ড সংঘটিত হোৱা শ’লমাৰী-গোৱালপাৰাৰ পথৰ বিশেষ স্থানলৈ আটকাধীন দুই অভিযুক্ত গাড়ীচালকক আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ নিয়ে । পিচত ঘটনাস্থলী পৰ্যবেক্ষণ কৰি উভতি আহিবলৈ ধৰোতেই দুই অভিযুক্তই পলাবলৈ চেষ্টা কৰে । এনে অৱস্থাত আৰক্ষীয়ে দুয়োলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰে। আৰক্ষীৰ গুলীত দুই গাড়ী চালকৰূপী ডকাইত আহত হয় । পিচত আৰক্ষীয়ে দুয়োকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । ইয়াৰে এগৰাকীৰ দুয়োভৰিত আৰু আৰু এগৰাকীৰ সোঁভৰিত গুলিবিদ্ধ হয় । দুয়ো সম্প্ৰতি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে দুয়ো বৰ্তমান বিপদমুক্ত ।