ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে সৰৱ আপ

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে সৰৱ আপ

ৰঙিলী বাৰ্ত্তাসেৱা-  “অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহৰ পৰা ৬৪ গৰাকী চিকিৎসকৰ পদত্যাগে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ব্যৱস্থাপনাহীনতা উদঙাই দিছে। ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজ্যখনৰ বিভিন্ন মেডিকেল কলেজৰ ৬৪ গৰাকী চিকিৎসকৰ পদত্যাগ স্বাস্থ্যখণ্ডৰ বাবে এক অশনি সংকেত স্বৰূপ ।” আজি গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে এইদৰে স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাহীনতাৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ কয়,” স্বাস্থ্য বিভাগৰ প্ৰকাশিত তথ্য অনুসৰিয়েই পাঁচ বছৰত মুঠ ১৭৪ গৰাকী চিকিৎসকে চাকৰি এৰিছে। বৰ্তমান খালী হৈ আছে ৭ শতাধিক চিকিৎসকৰ পদ। বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিচাপেও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ৰাজ্যখনৰ চৰকাৰী হাস্পতাল অথবা মেডিকেল কলেজৰ চিকিৎসক সকলৰ কোনো সমস্যা তেওঁ সমাধান কৰিব পৰা নাই। এয়া তাৰেই প্ৰতিফলন। ” আম আদমী পাৰ্টিয়ে স্বাস্থ্যখণ্ডৰ পৰিবৰ্তনৰ স্বাৰ্থত চিকিৎসক সকলৰ সমস্যা সমাধানৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয় তথা মেডিকেল কলেজ হাস্পতালৰ প্ৰয়োজনীয় নিযুক্তিৰ ব্যৱস্থা অবিলম্বে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী জনায়। চৰকাৰী হাস্পতালত খালী পদত নিযুক্তিৰ লগতে আন্তঃগাঁথনি উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।সংবাদমেলত আপৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে ৰাজ্যৰ সুলভ মূল্যৰ দোকানী সকলৰ প্ৰাপ্য আদায়ৰ দাবীত কৰা আন্দোলনৰ বিষয়টো উত্থাপন কৰে। দীৰ্ঘদিনৰ পৰা অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ সুলভ মূল্যৰ দোকানী সকলে তেওঁলোকৰ পাবলগীয়া কমিছনৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰে তেওঁলোকৰ প্ৰাপ্য শীঘ্ৰে আদায় দিবলৈ বৰঠাকুৰে আহ্বান জনায়৷