আম আদমী পাৰ্টিৰ এণ্ড্ৰইড এপচ মুকলি

আম আদমী পাৰ্টিৰ এণ্ড্ৰইড এপচ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে দলীয় কৰ্মকৰ্তা সকলে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। ইয়াৰ মাজতে দুপৰীয়া ১ বজাত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ সদস্য ভৰ্তিৰ বাবে ASSAM 2024 নামৰ এটা অনলাইন এণ্ড্ৰইড এপ মুকলি কৰা হয়। এই এপ যি কোনো লোকেই সদস্য ভৰ্তিৰ বাবে ডাউনলোড কৰি ল’ব পাৰিব। উল্লেখ্য যে কিছুদিন পূৰ্বে সদস্য ভৰ্তি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দলীয় নেতৃত্বই মুকলি কৰে দলত যোগদানৰ মিছকল নম্বৰ। সেই অনুসৰি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত কোনো লোকে ৮০ ১০১০ ২৬২৬ নম্বৰটোত মিছকল দি আপত যোগদান কৰিব পাৰে৷