ডিব্ৰুগড় জিলাৰ পুথিভঁৰালত টাই আহোম যুৱ পৰিষদৰ ২৯ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস

ডিব্ৰুগড় জিলাৰ পুথিভঁৰালত টাই আহোম যুৱ পৰিষদৰ ২৯ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আহোমক লৈ ৰাজনৈতিক খেল বন্ধ কৰিবলৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পৰা আহ্বান টাইপাৰ। আহোম জনগোষ্ঠীৰ বিভিন্ন সমস্যা, জনগোষ্ঠীটোৰ উত্তোৰণৰ বাবে দীর্ঘদিনে সংগ্ৰাম কৰি অহা টাই আহোম জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ ২৯ সংখ্যক প্রতিষ্ঠা দিৱস ১৬জুলাই তাৰিখে ডিব্ৰুগড়ত দিনজোৰা কার্যসূচীৰে উদ্‌যাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় চহৰত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত টাই আহোমৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ উপৰিও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মটক, মিচিং,সোনোৱাল কছাৰীৰ সোনসেৰীয়া গীত – নৃত্য আদি প্ৰদৰ্শন কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত হোৱাৰ পিছতেই জিলা ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত গুৰুত্বপূৰ্ণ এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাৰঞ্জন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱাৰ এই সভাত ভাষাবিদ ড°ভীমকান্ত বৰুৱা, ড°বিমান বৰুৱা, ড° হেমন্ত গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ।অনুষ্ঠানত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষা জ্যোতি বৰগোহাঁইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচী অনুসৰি পুৱা ভাগত টাই আহোম যুৱ পৰিষদৰ সভাপতি ৰাণাৰঞ্জন গগৈয়ে পতাকা উত্তোলন আৰু সম্পাদক উদিপ্ত গগৈয়ে মৈদাম তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে । মুকলি সভাত টাই আহোম যুৱ পৰিষদে জনজাতিকৰণ প্ৰসংগও উত্থাপন কৰে। সভাত অন্যন্য জাতীয় সংগঠনৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে।