বান – ৰাজলক্ষ্মী বৰঠাকুৰ

বান

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

বান‌ তই‌ আকৌ আহিলি ,
অসমী আইৰ সোণসেৰিয়া বুকু
লুইতৰ পানীৰে উপচাই পেলালি,
আশাৰ কঠিয়াবোৰ মোহাৰি পেলালি
বুকুৰ আপোনজনক কাঢ়ি লৈ গলি।
ভয়ত আতুৰ মানুহৰ চিঞৰত
লুইতৰ বুকু কঁপি উঠিছে।
হাঁহি বোৰ কান্দোনত পৰিণত হ’ল ,
হেৰাই গল জীৱনৰ ৰঙবোৰ
কাবৌ কৰিছোঁ বান তই উভতি যা
অসমী আইৰ বুকুত
মৰণৰ ফান্দ আৰু নাপাতিবি।