প্ৰতি বছৰে ২৫ জুনত সংবিধান হত্যা দিৱস পালনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

প্ৰতি বছৰে ২৫ জুনত সংবিধান হত্যা দিৱস পালনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ২৫ জুনৰ দিনটোক সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিলে। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত ক্ষমতাৰ ব্যাপক অপব্যৱহাৰৰ বিৰুদ্ধে যিসকলে যুঁজ দিছিল আৰু উৎপীড়নৰ বলি হৈছিল, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ২৫ জুন তাৰিখটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে ঘোষণা কৰিছে ।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ৰাজপত্ৰিত অধিসূচনাত এই ঘোষণা কৰে । অধিসূচনাত উল্লেখ কৰা হয়- “১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । ইয়াৰ পিচত তদানীন্তন চৰকাৰে ক্ষমতাৰ ব্যাপক অপব্যৱহাৰ কৰিছিল আৰু ভাৰতীয়সকল অত্যাচাৰ আৰু উৎপীড়নৰ সন্মুখীন হৈছিল” । জাননীখনত লগতে লিখা হৈছে, “আনহাতে, ভাৰতৰ জনসাধাৰণৰ ভাৰতৰ সংবিধান আৰু ভাৰতৰ স্থিতিস্থাপক গণতন্ত্ৰৰ শক্তিৰ ওপৰত স্থায়ী বিশ্বাস আছে; সেয়েহে, জৰুৰীকালীন অৱস্থাত ক্ষমতাৰ ব্যাপক অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু পীড়িত সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু ভৱিষ্যতে ভাৰতৰ জনসাধাৰণক এনেধৰণৰ ক্ষমতাৰ অপব্যৱহাৰক সমৰ্থন নকৰিবলৈ পুনৰ প্ৰতিশ্ৰুতি দিবলৈ ভাৰত চৰকাৰে ২৫ জুনক ‘সংবিধান হত্যা দিৱস’ হিচাপে ঘোষণা কৰে”।  এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমত এক পোষ্টত লিখিছে -১৯৭৫ চনৰ ২৫ জুনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বৈৰাচাৰী মানসিকতাৰ নিৰ্লজ্জ প্ৰদৰ্শন কৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দি গণতন্ত্ৰৰ আত্মাক শ্বাসৰুদ্ধ কৰিছিল। লাখ লাখ লোকক বিনা দোষত কাৰাগাৰত বন্দী কৰিছিল আৰু সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিছিল। ভাৰত চৰকাৰে প্ৰতি বছৰৰে ২৫ জুনৰ দিনটোক সংবিধান হত্যা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিনটোত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় বেদনা সহ্য কৰা সকলো লোকৰ অৱদানক ব্যাপকভাৱে স্মৰণ কৰা হ’ব ।