বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালা

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন “বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ” উদ্যোগত গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ বাবে “গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা”ৰ গীতৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।অহা ১৭ জুলাইত ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই এদিনীয়া কৰ্মশালাত অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী, অসম সাহিত্য সভাৰ যুৱ শিল্পী বঁটা প্ৰাপ্ত, বিভিন্ন বঁটা বাহনেৰে বিভুষিত ভূৱন গগৈ সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰিব।বিশিষ্ট সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ তথা গীতিকবি ৰূপে পৰিচিত পাৰ্বতি প্ৰসাদ বৰুৱাই অসমীয়া সংস্কৃতিৰ তথা সংগীতৰ জগতখনলৈ আগবঢ়াই যোৱা চিৰসেউজ গীত সমূহ নৱ প্ৰজন্মৰ সকলৰ সন্মুখত প্ৰশিক্ষণ প্ৰদান কৰি অহা লগতে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, তফজ্জুল আলি আদিৰ আপুৰুগীয়া গীতসমূহ শুদ্ধ ৰূপত প্ৰচাৰ কৰি আহিছে। উজনি অসমৰ খোৱাংৰ পৰা ডিকমলৈকে কৰ্মৰত সাংবাদিক সকলকলৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সংবাদ ক্ষেত্ৰতে জড়িত নাথাকি সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাত ছাত্ৰী সকলৰ উপস্থিতি কামনা কৰিছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সম্পাদক ৰাতুল গোহাঁইয়ে।