শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয় কৰ্তৃপক্ষইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয় কৰ্তৃপক্ষইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- ‘‘ বিনামূলীয়া মানে বিনামূলীয়া । ইয়াত এটকাও লোৱাৰ কথা নাই । চৰকাৰে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবে টকা দিয়াৰ পিচতো কিয় ৬০০ টকাকৈ ল’ব লাগে ? মহাবিদ্যালয়ৰ অধ্যক্ষসকল পৌৰ নিগমৰ দৰে কৰ সংগ্ৰহকাৰী নহয় ।’’ ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সন্মুখত বহুৱাই এই তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয় । প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ ৩৪৯ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ এই ধন আগবঢ়োৱা হয় । ইয়াৰ দ্বাৰা উপকৃত হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৯৪৮৩৮ গৰাকী । এই শিক্ষাৰ্থীসকলৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ অসম চৰকাৰে ব্যয় কৰিছে ৬৮.৪৪ কোটি টকা । বিনামূলীয়া নামভৰ্তিৰ দ্বিতীয় পৰ্যায়ৰ ধন চৰকাৰে ছেপ্টেম্বৰ মাহত আদায় দিব । বিগত বৰ্ষত ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৯৮৬৩৩ গৰাকী শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ প্ৰায় ১০৪ কোটি টকা ব্যয় কৰিছিল । আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলোচনী, কলেজ সপ্তাহৰ নামত শিক্ষাৰ্থীৰ পৰা ৬০০ টকাকৈ সংগ্ৰহ কৰাৰ সন্দৰ্ভত অধ্যক্ষসকলক সকিয়নি প্ৰদান কৰিছে। তেওঁ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়াই হ’ব লাগিব বুলিও কয়।মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময়ত ৬০০ টকা লোৱাৰ প্ৰসংগত কয়, মহাবিদ্যালয়ৰ অধ্যক্ষসকললৈ মোৰ এটা অনুৰোধ, আপোনালোকে জানে মহাবিদ্যালয়ত আমি বিনামূলীয়া নামভৰ্তি কৰোঁ। তাৰ পাছতো আমি শিক্ষাৰ্থীৰ লগত কিয় যুঁজ, বাগৰ কৰি থাকিব লাগে? আৰু এটা ৬০০ টকা কিয় শিক্ষাৰ্থীৰ পৰা ল’ব লাগে? লাগিলে সেই ৬০০ টকা মোক খোজক। তেওঁ পুনৰ কয়, আপোনালোকে শিক্ষাৰ্থীৰ নামভৰ্তিৰ সকলো ব্যৱস্থাই বিনামূলীয়া কৰক। প্ৰয়োজন হ’লে তেওঁলোকৰ নামভৰ্তি চৰকাৰে বিনামূলীয়া কৰিছে বুলি ক’ব নালাগে, তেওঁৱেই সেই ব্যৱস্থা কৰিছে বুলি কওঁক। তেতিয়াহে অধ্যক্ষ আৰু ছাত্ৰৰ মাজৰ সম্পৰ্ক উন্নত হ’ব। কিন্তু আপোনালোকে আলোচনী উলিয়াবলৈ, মহাবিদ্যালয় সপ্তাহ পাতিবলৈ ৬০০ টকা এটা তেওঁলোকৰ ওপৰত লগাই দিয়ে।