ভাৰতৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ 

ভাৰতৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষকৰ নাম ঘোষণা কৰিলে বিচিচিআইৰ সচিব জয় শ্বাহে। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিক ঘোষণা কৰিলে জয় শ্বাহে। চৰ্চা অনুসৰিয়েই ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ’ল গৌতম গম্ভীৰক।গৌতম গম্ভীৰক বাছনি কৰাৰ কথা ছচিয়েল মিডিয়াযোগে ঘোষণা কৰিলে জয় শ্বাহে।  জয় শ্বাহে  ছচিয়েল মিডিয়াত এটা পোষ্ট কৰি ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক স্বাগতম জনাই অতিকে আনন্দিত হোৱা বুলি কয় ।জয়  শ্বাহে ছচিয়েল মিডিয়াত কয়, “মই ভাৰতীয় দলৰ পৰৱৰ্তী কোচ হিচাপে গৌতম গম্ভীৰক স্বাগতম জনাইছো। আধুনিক ক্ৰিকেট ক্ৰমশঃ সলনি হৈছে আৰু গৌতম গম্ভীৰে এই পৰিৱৰ্তিত পৰিৱেশ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে । সমগ্ৰ কেৰিয়াৰত বিভিন্ন ভূমিকাত পাৰদৰ্শিতা দেখুওৱা পাচত, মই নিশ্চিত যে গৌতম ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে আদৰ্শ ব্যক্তি । টিম ইণ্ডিয়াৰ প্ৰতি তেওঁৰ স্পষ্ট দৃষ্টিভংগী আৰু তেওঁৰ বিশাল অভিজ্ঞতাই তেওঁক এই ৰোমাঞ্চকৰ আৰু আটাইতকৈ দাবীদাৰ প্ৰশিক্ষকৰ ভূমিকা চম্ভালিবলৈ নিখুঁতভাৱে প্ৰস্তুত কৰি তুলিছে । এই নতুন যাত্ৰাত বি চি চি আয়ে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।” প্ৰাক্তন বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৰাহুল দ্ৰাবিড়ৰ পিচত ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদত অৱতীৰ্ণ হোৱাৰ লগতে শ্ৰীলংকাৰ বিৰুদ্ধে বিদেশী শৃংখলা তেওঁৰ প্ৰথম দায়িত্ব হ’ব ।  গৌতম গম্ভীৰ ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দল আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল । দিল্লীৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে ৫৮খন টেষ্ট, ১৪৭খন এদিনীয়া আৰু ৩৭খন টি-২০ মেচ খেলিছিল, য’ত তেওঁ ক্ৰমে ৪১৫৪, ৫২৩৮ আৰু ৯৩২ ৰাণ সংগ্ৰহ কৰিছিল ৷ ২০২৪ৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ মেন্টৰ আছিল গৌতম গম্ভীৰ আৰু শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে আই পি এল ২০২৪ত জয়লাভ কৰিছিল ।