দেশৰ ৭ ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন

Pc The Economic Times

দেশৰ ৭ ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ ৭ খনকৈ ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। বিহাৰ, পশ্চিম বংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে ।  পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে আটাইকেইখন ৰাজ্যতে চলি আছে ভোটগ্ৰহণ। সন্ধিয়া ৬বজালৈকে চলিব এই ভোটদান প্ৰক্ৰিয়া।  বিহাৰৰ এখন আসনৰ পৰিৱৰ্তে পশ্চিম বংগত ৪খন, উত্তৰাখণ্ডত ২খন, মধ্য প্ৰদেশত ১খন, পাঞ্জাৱত ১খন, তামিলনাডুত ১ আৰু হিমাচলত ৩খন আসনত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন। বিহাৰৰ ৰুপলী সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩লাখৰো অধিক ভোটাৰে। ইফালে হিমাচল প্ৰদেশত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙৰ পত্নীও প্ৰতিদ্বন্দ্বিতা কৰিছে এই উপ নিৰ্বাচনত। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলাত অনুষ্ঠিত হৈছে উপনিৰ্বাচন। মধ্য প্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ বিক্ৰাবণ্ডী, পাঞ্জাৱৰ পশ্চিম জলন্ধৰত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন। ১৩জুলাইl এই উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। উল্লেখ্য যে, অসম বিধানসভাৰ পাঁচখন আসনৰ বাবেও উপ নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও বৰ্তমানেও দিন ধাৰ্য হোৱা নাই ৷ বিহালী, চামগুৰি, ধলাই, চিদলী, বঙাইগাঁও বিধানসভা সমষ্টিত হ’ব উপ-নিৰ্বাচন ৷