নামনি মাজুলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক, আদিএলেঙী সত্ৰৰ নাম লগোৱা, প্ৰপন্ন বৈষ্ণৱ, অসম গণ পৰিষদৰ অক্লান্ত কৰ্মী টুনিৰাম কলিতাৰ মৃত্যু

নামনি মাজুলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক, আদিএলেঙী সত্ৰৰ নাম লগোৱা, প্ৰপন্ন বৈষ্ণৱ, অসম গণ পৰিষদৰ অক্লান্ত কৰ্মী টুনিৰাম কলিতাৰ মৃত্যু:  মাজুলীত শোক
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ পহুমৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ঐতিহ্যমণ্ডিত আদিএলেঙী সত্ৰৰ নাম লগোৱা, প্ৰপন্ন বৈষ্ণৱ আৰু অসম গণ পৰিষদৰ অক্লান্ত কৰ্মী টুনিৰাম কলিতাৰ আজি সন্ধিয়া মৃত্যু হয়। আদিএলেঙী সত্ৰৰ বাসিন্দা তথা বহু প্ৰজন্মৰ নমস্য শিক্ষাগুৰু টুনিৰাম কলিতা কালিৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছিল। কালি বিয়লি বৰ্ষীয়মান ধৰ্মপৰায়ন ব্যক্তি টুনিৰাম কলিতা হঠাৎ অসুস্থ হৈ পৰাত মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰায়। কিন্তু ,কালিৰ পৰা কলিতাৰ স্বাস্থ্যৰ কোনো উন্নতি নহ’ল। আজি সন্ধিয়া ৬ বজাত জিলা চিকিৎসালয়ত চিকিৎসাৰ অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তাৰপিছত তেওঁৰ মৃতদেহ জন্মভূমি আদিএলেঙী সত্ৰৰ বাসগৃহলৈ অনা হয়। তাৰপিছত সত্ৰৰ বৈষ্ণৱসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰৰ নাম লগোৱা টুনিৰাম কলিতাৰ মৃতদেহ জন্মভূমি আদিএলেঙী সত্ৰত পোৱাৰ লগে লগেই সত্ৰখনত কান্দোনৰ ৰোল উঠে। টুনিৰাম কলিতা ঐতিহ্যমণ্ডিত আদিএলেঙী সত্ৰত ১৯৪৩ চনত জন্মলাভ কৰি সত্ৰীয়া সংস্কৃতিৰ মাজত ডাঙৰ দীঘল হৈছিল। সত্ৰীয়া সংস্কৃতিৰ লগতে পঢ়া-শুনাৰ প্ৰতি গভীৰ ৰাপ থকা টুনিৰাম কলিতাই আনুষ্ঠানিক শিক্ষা শেষ কৰি শিক্ষকতা বৃত্তিত নিয়োজিত হয়। মাজুলীৰ, কাকৰিকটা, বৰগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত নামনি মাজুলীৰ পহুমৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনত উক্ত পহুমৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ ঐতিহ্যমণ্ডিত আদিএলেঙী সত্ৰৰ ধৰ্ম, সংস্কৃতিৰ প্ৰসাৰৰ বাবে নিজকে আত্মনিয়োগ কৰিছিল। দীৰ্ঘদিন ধৰি টুনিৰাম কলিতাই আদিএলেঙী সত্ৰৰ নাম লগোৱাৰ গুৰু দায়িত্ব পালন কৰিছিল। তেওঁ নাম লগোৱা হিচাপে আদিএলেঙী সত্ৰৰ চৈধ্য প্ৰসংঙ্গৰ মূল ব্যক্তি আছিল। সত্ৰখনৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ তেওঁ প্ৰধান ব্যক্তি আছিল। ৰাজনৈতিক ভাৱে টুনিৰাম কলিতা অসম গণ পৰিষদৰ আঞ্চলিক নীতি আদৰ্শত বিশ্বাসী আছিল। তেওঁ অসম গণ পৰিষদৰ চিলাকলা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আছিল। তেওঁ দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দললৈ সেৱা আগবঢ়াইছিল। টুনিৰাম কলিতাৰ মৃত্যুত মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, আদিএলেঙী সত্ৰ পৰিচালনা সমিতি, সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, আদিএলেঙী সত্ৰ যুৱক সংঘ, অসম গণ মাজুলী জিলা সমিতি, অগপ চিলাকলা আঞ্চলিক সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। টুনিৰাম কলিতাৰ মৃত্যুত  নামনি মাজুলীত গভীৰ শোকৰ ছাঁ পৰিছে আৰু বিভিন্ন ব্যক্তি, অনুষ্ঠান- প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুজন পুত্ৰ , দুগৰাকী কন্যা, দুগৰাকী বোৱাৰী, কেইবাটাও কি কাহ নাতি – নাতিনী ইহ-সংসাৰত এৰি থৈ গৈছে। টুনিৰাম কলিতা মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বাবুল কলিতাৰ পিতৃ আছিল।