এপিএছচিৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱাক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
মাত্ৰ দুমাহ পূৰ্বে পৰীক্ষাৰ পদ্ধতি সলনি কৰি মুখ্যমন্ত্ৰীয়ে চাকৰি প্ৰত্যাশীসকলৰ প্ৰতি অন্যায় কৰিছেঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আগন্তুক তৃ়তীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে দলটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নিযুক্তি পৰীক্ষালৈ মাজত মাত্ৰ দুমাহ বাকী থকা অৱস্থাত হঠাতে পৰীক্ষাৰ পদ্ধতি সলনি কৰা কাৰ্য কোনোকাৰণতে গ্ৰহণযোগ্য নহয়৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক (ভাৰপ্ৰাপ্ত) ৰাজু ফুকনে কয়, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন প্ৰক্ৰিয়া অন্ত পৰাৰ প্ৰায় ছমাহ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা হঠাতে কৰা পৰীক্ষা সম্পৰ্কীয় কিছুমান ঘোষণা হঠকাৰী আৰু নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি অন্যায়সূচক৷ লগতে, এইধৰণৰ প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰি চৰকাৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোকে বিলম্বিত কৰিবলৈ বিচাৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে নিশা ঘোষণা কৰি কৈছিল যে এইবাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব APSC পৰীক্ষাৰ আৰ্হিত৷ অৰ্থাৎ, তিনিটা পৰ্যায় ক্ৰমে প্ৰাৰম্ভিক (Prelims), মূল (Mains) আৰু সাক্ষাৎকাৰ (Viva)ত উত্তীৰ্ণ হ’লেহে প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিব৷এইক্ষেত্ৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে কি ৰহস্যজনক কাৰণত পৰীক্ষাৰ প্ৰায় দুমাহ পূৰ্বে হঠাতে সলনি কৰা হ’ল পৰীক্ষাৰ পদ্ধতি? পূৰ্বে প্ৰকাশিত বিজ্ঞাপনত উল্লেখ থকাধৰণে অনুষ্ঠিত নকৰি কিয় হঠাতে পৰীক্ষাৰ আৰ্হি সলনি কৰা হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে৷সভাপতি গগৈয়ে লগতে কয়, মুখ্যমন্ত্ৰীয়ে কৰা পৰীক্ষাৰ নতুন আৰ্হিৰ ঘোষণাই প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলক শ’লঠেকত পেলাইছে৷ কিয়নো, তেওঁলোকে এতিয়া অতি কম সময়তে প্ৰস্তুতিৰ কৌশল সলনি কৰিব লাগিব। এয়া অসমৰ যুৱক-যুৱতীসকলৰ সৈতে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে কৰা চূড়ান্ত অন্যায় আৰু অবিচাৰ৷