ৰাগী
তৰালী ঘৰফলীয়া
বাধাকৰা মধ্য ইংৰাজী বিদ্যালয়
বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ফটোসহ প্ৰকাশ পোৱা তাৰ কৰ্মৰাজিৰ নমুনা দেখি উচুপি উঠিল তেওঁ – “সৰুৰেপৰা তোক মই এই শিক্ষা দিছিলোঁ জানো বোপাই? টেবুলৰ তলেৰে হাতখন নিওঁতে মই বহি অহা টেবুলখনলৈ তোৰ এবাৰো মনত নপৰিল নে?”
সৰুৰেপৰা একো ৰাগীয়াল বস্তু মুখত নিদিয়া ল’ৰাটোৰ মনত আচলটো ৰাগীয়েই লাগিব বুলি তেওঁ ভবাই নাছিল।