যাত্রা – ৰিজু শইকীয়া বৰদলৈ

PC - The Statesman

যাত্রা 

ৰিজু শইকীয়া বৰদলৈ,
মৰঙি, গোলাঘাট

নিৰৱধি, সৰি আছে টুপটুপকৈ বৰষুণৰ টোপালবোৰ ! বাসৱৰ মূৰত সন্দেহৰ পাকঘূৰণি— সময়ৰ পকনীয়াত ক্ষত-বিক্ষত হ’ব যেন, তাৰ দু:খৰ হুমুনিয়াহ !! তাৰ দুচকুৰে বিচাৰি ফুৰিছে , খামুচি ধৰিব পৰা এটুকুৰা মাটি, হিয়াত তাৰ সেউজ সংকেত!কিন্তু, ক’ত লুকুৱাই থ’ব তাৰ শুকান গা !!