বন্ধন – ড.অনুপম কলিতা

বন্ধন

ড.অনুপম কলিতা, জ্ঞানপীঠ ডিগ্ৰী কলেজ, নিকাছি

তাইৰ বিয়াৰ দিনা সুধিছিল “কিমান খিনি অধিকাৰ আছে মোৰ?” বহু সময় নীৰৱে থাকি সি আশ্বাস দিছিল “দেখা দেখি হ’লেই সাবটি ধৰিবি বেঙি।”
ৰাইজ ৰ আগত তাৰ মৃতদেহটো শেষ বাৰৰ বাবে তাই জোৰকৈ সাবটি ধৰিলে।