সদৌ অসম চৌখাম বংশৰ উদ্যোগত শিক্ষাৰ্থী অভিন্দন অনুষ্ঠান সম্পন্ন

সদৌ অসম চৌখাম বংশৰ উদ্যোগত শিক্ষাৰ্থী অভিন্দন অনুষ্ঠান সম্পন্ন
 এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   সদৌ অসম চৌখাম বংশৰ উদ্যোগত ডিব্ৰুগড়ৰ চিৰিংগাঁওৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সদৌ অসম শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ সভাপতি লনাথ চৌখামৰ বাসগৃহত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত সুখ্যাতিৰ উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলক বিশেষ ভাবে অভিনন্দন জনোৱা হয়। স্বগীয় ৰবীন কুমাৰ গগৈ আৰু পদ্মধৰ গগৈৰ স্মৃতিত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানটিৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ  প্ৰাপ্ত কৃতী শিক্ষক,সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়াই। চৌখাম বংশৰ যুৱক ৰঞ্জন গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ শুভউদ্বোধন কৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক,সাহিত্যিক চেবন প্ৰসাদ শৰ্মাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ডিব্ৰুগড়শবিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,সাহিত্যিক ড:গোপাল চন্দ্ৰ হাজৰিকাই।তেওঁ ভাষণত কয় যে বৰ্তমান প্ৰতিযোগিতামূলক সময়ত নিজকে  একোজন সফল ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে প্ৰস্তুত থকাৰ লগতে মোবাইল আৰু ইণ্টাৰনেট ব্যবহাৰত সাৱধান হোৱাটো প্ৰয়োজন বুলি কয়।বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট  সাংবাদিক  ভূষণজ্যোতি সন্দিকৈ,লেখক,সাংবাদিক যাদৱ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষা,সাহিত্যিক ৰুণু গগৈ সোণোৱাল, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী  শিক্ষক খগেন্দ্ৰনাথ চেতিয়া ফুকন, শিক্ষক , সাংস্কৃতিক কৰ্মী খুবেন পাত্ৰই শিক্ষাৰ্থী আৰু চৌখাম বংশৰ এনে পদক্ষেপৰ শলাগ জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। সদৌ অসম চৌখাম বংশৰ অন্যতম মূল ব্যক্তি লনাথ চৌখামে আদৰণী আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন,ললিত ভৰালী,আনন্দ গগৈ, শশধৰ দুৱৰা,উপেন্দ্ৰনাথ ভৰালী, লক্ষীপ্ৰসাদ ভূঞা, কুলেন গোঁহাইকে ধৰি  বহু কেইগৰাকী স্থানীয় আৰু বিভিন্ন ঠাইৰ পৰা অহা লোক উপস্থিত থাকে।মুক্তি গগৈ,প্ৰতিভা চৌখাম, অঞ্জু গগৈ,লাবণ্য গগৈ আদিৰ সহযোগত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানত ডিব্ৰুগড়,শিৱসাগৰৰ প্ৰায় সাত গৰাকী কৃতিমান শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়।কণমানি সকলৰ এটি সমবেত সংগীত আৰু আধুনিক গীত পৰিবেশনে অনুষ্ঠানটোৰ সৌষ্ঠব বৃদ্ধি কৰে।জাতীয় সঙ্গীতেৰে  অভিনন্দন অনুষ্ঠানটো সামৰণি শেষ কৰা হয়।