শিক্ষাসেতু এপত উপস্থিতি নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ

PC - The Meghalayan

শিক্ষাসেতু এপত উপস্থিতি নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপত শিক্ষকসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক ৷ কিন্তু শিক্ষাসেতু এপক লৈ যোৱা সময়ছোৱাত সৃষ্টি হোৱা নানা বিতৰ্ক-অভিযোগৰ মাজতে স্কুল শিক্ষা বিভাগে পোহৰলৈ আনিছে এক উদ্বেগজনক তথ্য। শিক্ষা বিভাগৰ তথ্য অনুসৰি শিক্ষাসেতু এপত দীর্ঘদিনে উপস্থিতিৰ তথ্য নাই ৰাজ্যৰ ৩৩খন জিলাৰ ৪ সহস্রাধিক শিক্ষকৰ। কাৰ্যতঃ স্কুল শিক্ষা বিভাগে দীর্ঘসময়ৰ পৰা শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতিৰ তথ্য দিবলৈ দি অহা নির্দেশক একাংশ শিক্ষকে যে সঁহাৰি দিয়া নাই সেয়া স্পষ্ট হৈ পৰিছে। স্কুল শিক্ষা বিভাগে প্রতিখন জিলাৰ ‘শিক্ষা’ৰ অতিৰিক্ত আয়ুক্তলৈ প্ৰেৰণ কৰা শিক্ষকৰ অনুপস্থিতিৰ তালিকাই স্তম্ভিত কৰাই নহয়, এই বৃহৎসংখ্যক শ্রেণীকোঠাত অনুপস্থিত থকা শিক্ষক বর্তমান কৰ্মৰত হয় নে নহয়, তাক লৈও প্রশ্ন উত্থাপিত হৈছে। স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াকৈ প্ৰকাশ কৰা কৰ্তব্যত ফাঁকি দিয়া শিক্ষকৰ তালিকা তথা নির্দেশনা ইতিমধ্যে প্ৰতিখন জিলাৰ অতিৰিক্ত আয়ুক্তলৈ প্ৰেৰণ কৰি শিক্ষকসকল কিয় উপস্থিত নাই তাৰ তদন্ত কৰিবলৈ কোৱা হৈছে। তালিকা অনুসৰি ৰাজ্যৰ ৩৩খন জিলাত মুঠ ৪,৯০৭ গৰাকী শিক্ষক উপস্থিত নাই শ্রেণীকোঠাত। লক্ষণীয়ভাৱে এই তালিকাৰ শীৰ্ষত আছে তিনিচুকীয়া জিলা। জিলাখনৰ ৪২৪ গৰাকী শিক্ষকে শিক্ষাসেতু এপত এদিনো উপস্থিতি অন্তর্ভুক্ত কৰা নাই। আনহাতে তালিকাৰ দ্বিতীয় স্থানত আছে কামৰূপ (মহানগৰ) জিলা। জিলাখনত মুঠ ২৯৪ গৰাকী শিক্ষক অনুপস্থিত আছে। ইফালে সর্বনিম্ন অনুপস্থিতি মাজুলী জিলাত। জিলাখনত ২০ গৰাকী শিক্ষক অনুপস্থিত হৈ আছে। আনহাতে ধুবুৰী জিলাত ২৮৬গৰাকী, গোৱালপাৰা জিলাত ২৪৫ গৰাকী, নগাঁও জিলাত ২৫৯ গৰাকী, শোণিতপুৰ জিলাত ১৭৬গৰাকী, কোকৰাঝাৰ জিলাত ২০০ গৰাকী, কৰিমগঞ্জ জিলাত ২০২গৰাকী, বাক্সা জিলাত ১৬২গৰাকী, বিশ্বনাথ জিলাত ১৩৫গৰাকী, দৰং জিলাত ১৭২গৰাকী, ডিব্ৰুগড় জিলাত ১৫৮ গৰাকী, ডিমা হাছাও জিলাত ১৯৭ গৰাকী, কাছাৰ জিলাত ১৭১ গৰাকী, শিৱসাগৰ জিলাত ১২০ গৰাকী গোলাঘাট জিলাত ১৯৩গৰাকী, যোৰহাট জিলাত ১৬০ গৰাকী, কাৰ্বি আংলং জিলাত ১৫৩গৰাকী, লখিমপুৰ জিলাত ১৪৮গৰাকী, নলবাৰী জিলাত ১০৬গৰাকী, বৰপেটা জিলাত ১২৪ গৰাকী, কামৰূপ জিলাত ১৯৩গৰাকী, বঙাইগাঁও জিলাত ৫৮গৰাকী, চৰাইদেউ জিলাত ৪৭ গৰাকী, চিৰাং জিলাত ৪৩গৰাকী, ধেমাজি জিলাত ৭১ গৰাকী, হাইলাকান্দি জিলাত ৯৮গৰাকী, মাজুলী জিলাত ২০ গৰাকী, মৰিগাঁও জিলাত ৮২গৰাকী, হোজাই জিলাত ৪৬গৰাকী, ওদালগুৰি জিলাত ৬৫ গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাত ৫০ গৰাকী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৪৯ গৰাকী শিক্ষকে শিক্ষাসেতু এপত উপস্থিতি আপলোড কৰা নাই। স্কুল শিক্ষা বিভাগে অতিৰিক্ত জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত ইয়াকো স্পষ্ট কৰিছে যে যিসকল শিক্ষক অনুপস্থিত আছে, ডিইইঅ’ অথবা বিদ্যালয়সমূহৰ পৰিদৰ্শকক লগত লৈ তেওঁলোকৰ অস্তিত্ব ক্ষেত্ৰভিত্তিক পৰীক্ষা কৰিব লাগিব। পৰীক্ষাৰ অন্তত শিক্ষকসকলৰ অনুপস্থিতিৰ কাৰণসহ প্রতিবেদন দাখিল কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তক কোৱা হৈছে। যিসকল শিক্ষকৰ উপস্থিতি শিক্ষাসেতু এপত আপলোড হোৱা নাই তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈও কঠোৰ সিদ্ধান্ত গ্রহণ কৰি শিক্ষা বিভাগৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে বৃহৎসংখ্যক শিক্ষকৰ শ্ৰেণীকোঠাত উপস্থিতি নাই, গতিকে বিভাগক বিষয়টো তদন্ত কৰিবলৈ দিয়া হৈছে, দৰাচলতে এই শিক্ষকসকল কৰ্মৰত হৈ আছে নে নাই। এদিনো উপস্থিত নথকাটো গুৰুতৰ বিষয়। ৰাজ্যৰ ৭৫ শতাংশ শিক্ষকে নিয়মিতভাবে শ্রেণীকোঠাত উপস্থিত থাকে। মাত্র ২৫-৩০ শতাংশ শিক্ষকহে অনিয়মীয়া। গতিকে ইয়াৰ এক তদন্ত হ’ব, কিয় তেওঁলোক উপস্থিত নাই।