মাজুলীৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মাজুলীৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা শণিবাৰে নিশা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে হঠাৎ বুৰাই পেলাইছিল মাজুলীৰ নৈপৰীয়া মাজুলীৰ বহু অঞ্চল । বিশেষকৈ পূব মাজুলীৰ শালমৰা আৰু দক্ষিণপাট অঞ্চলৰ মথাউৰিৰ বাহিৰৰ গাওঁ সমূহ বিস্তৰ ক্ষতি সাধন হৈছিল। তাৰ এদিনৰ পাছত সোমবাৰে সন্ধ্যা আউনীআটী সত্ৰৰ সমীপৰ জুগুনীধাৰী (আলিমূৰ)ত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মথাউৰি চিঙি অঞ্চলটোৰ এক বিস্তৰ ক্ষতি সাধন কৰিছিল। মঙ্গলবাৰে মন্ত্ৰী ৰনোজ পেগুৱে চিগা অংশ পৰিদৰ্শন কৰি সামগ্ৰীক মাজুলীৰ বান পৰিস্থিতি বুজ লোৱাৰ পাছত কালি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই সামগ্ৰিকভাবে মাজুলীৰ বান পৰিস্থিতি  স্ব-জমিন তদন্ত কৰাৰ লগতে চিগা অংশ পৰিদৰ্শন কৰি অঞ্চলটোৰ ক্ষয়-ক্ষতি বুজ লৈ ৰাইজৰ লগতে জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ঢকুৱাখনাৰ পৰা স্থল পথেৰে পোনে পোনে পূৱ মাজুলী অঞ্চলৰ বান পৰিস্থিতি বুজ লৈ জুগুনীধাৰীৰ মথাউৰি চিঙা অংশ পৰিদৰ্শন কৰি অঞ্চলটোৰ ক্ষয়-ক্ষতি বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।  মুখ্যমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকা , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , মন্ত্ৰী ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱা , ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে  , স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত কাবেৰী বি শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ বিষয় ববীয়া সকল উপস্থিত থাকে।