চিন্তাৰ তৰঙ্গত নাচে সময় – যমুনা দুলু বৈশ্য

চিন্তাৰ তৰঙ্গত নাচে সময়

যমুনা দুলু বৈশ্য
শুৱালকুছি

তোমাৰ স্পৰ্শত এবুকু মৰম ভালপোৱা
আকুলতাৰ অনুভূতিৰে জীৱন ঝংকাৰ
চিন্তাৰ তৰঙ্গত নাচে সময়ৰ আহ্বান
ভাল কামৰ নাম সদায় আছে
মনৰ এলান্ধু গুচাবলৈ হৃদয় কৰা নিকা
মাটি , আকাশ ,পোহৰ ,প্ৰকৃতিৰ স’তে,
বিচাৰি চোৱা ,সাগৰৰ গভীৰতাৰে এধানি তৃষ্ণা
মনৰ সুন্দৰতাই আনকো ভাল পাব পাৰি
টোপনিৰ ভাও জোৰা মানুহক জগোৱা টান
কষ্ট কৰিলে এদিন ভাল ফল পাবা
এলাহক নিতে শত্ৰু বুলি চোৱা
এন্ধাৰৰ মাজতো যি জনে পোহৰ বিচাৰি পায়
দেখিবা হৃদয়ত জোনাক জিলিকি
জোনাকৰ পোহৰে কৰিব আপোন
সেয়া হ’ব জীৱনৰ বাবে মহা ভিটামিন
পৰিবেশ ও হ’ব সুন্দৰতাৰে সুন্দৰ
তেতিয়া জাগিব ৰামধেনুৰ ৰং ।