এজাৰ ফুল – ছেলিমা বেগম

PC - Wikipedia
এজাৰ ফুল 
ছেলিমা বেগম, নগাঁও
এজাৰ তই কিয়  বাৰু বেঙুনীয়া?
এজাৰ তোক দেখিলে মন হয় মোৰ উৰণীয়া।
মোৰ দুচকুৰ ভাষাবোৰ কাঢ়ি কলৈ নিয়া,
ধৰণীৰ বুকুত বেঙুনীয়া সুবাস বিয়পাই দিয়া।
কাজল হনা চকুযুৰিত কোমলীয়া তোৰপাহি ,
দূৰণীৰ পথাৰত শুৱাই থাকা মিচিকিয়া হাঁহি
ব’হাগৰ শেষত ,সমীৰণৰ স্পৰ্শ পায় লাজুক হাঁহি
আনন্দত নাচি বাগি থকা হালি জালি।
নিশাৰ বাৰিষাই ধোৱা এজাৰ পাহি তই,
পুৱতিতে বেজাৰ কিয় কৰিলি তই
বেঙুনীয়া হাঁহিত বিলীন হৈ পৰে মোৰ মন
ৰংচঙীয়া মন মোৰ বেজাৰ নকৰিবা এজাৰ।
এজাৰ তই ফুলিলে ঢুলীয়া চেনাই ধন,
আহিব বুকুৰ মৰম দিবলৈ হেঁপাহৰ
বিহুৱান বোৱাই থৈছোঁ তাঁত শালত
চেনাইটি এজাৰ ফুলিলে বেজাৰ নকৰিবি ।