স্মৃতিৰ দলিচাত নিজক বিচাৰি  – দ্বীপশিখা শৰ্মা 

PC - Adobe Stock
স্মৃতিৰ দলিচাত নিজক বিচাৰি 
দ্বীপশিখা শৰ্মা 
কোমল কলিজা ৰ হিয়া ভৰা কান্দোন
বাৰু কোনে বুজি পায়?
নাই সময়ৰ সোঁতে,
সুঁতি সলায় লৈ যায় আমাক অজান ঠাইলৈ
নহয়নে?
আজি‌ আপোন কালিলৈ হয়তো অচিনাকীৰ কোবাল সোঁতত
বিলীন আমি সকলো তথাপিও জানো আমাৰ স্মৃতিক পাহৰিব পাৰোঁ?
হয়তো নোৱাৰো,
কোনোবা খিনিত থমকি ৰৈ যাও আমি…
আন্ধাৰ ত নিজক আকৌ এবাৰ মোহাৰি লঁও…
 স্মৃতি ৰ দলিচাত সাঁচি ৰাখিব লাগে
কিন্তু জীয়াই থাকিব নালাগে, সেই স্মৃতিৰ কোলাত দুনাই মুৰ থব নালাগে ।
হয়তো অমানিশা হৈ পৰিব জীৱনটো প্ৰতিটো মুহুৰ্তত।