বৰষা তুমি আঁহা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
পিতাই অ’ এইবাৰ দেখোন আকাশত
এচপৰাও ডাৱৰৰ চিনচাপ নাই
পেটৰ চিৰচিৰণি মাৰিবলৈ
মাটিডৰাও চিৰাল ফাট দিলে…
প্ৰকৃতিয়েও পিয়াহত ককবকাইছে
খেতিয়কৰ মূৰত মাধমাৰ পৰিছে
দোপাল-পিটা বৰষুণ হৈ আঁহা
হেঁপাহ পলুৱাই গ্ৰহণ কৰিব দিয়া…
এইবাৰ পিতাই যে কিমান আশা কৰিছিল
নতুন প্ৰজাতিৰ ধানেৰে কঠিয়াও সিঁচিছিল
প্ৰখৰ ৰ’দতহে শুকাই লেৰেলিল…
দুখ নকৰিবা পিতাই,
দেৰিকৈ হ’লেও বৰষা আহিছে ধৰালৈ নামি
আকৌ, পুনৰ ন- উদ্যমেৰে সাজু হওঁ
নাঙল,যুঁৱলি কান্ধত তুলি…
সৌৱা চোৱা পিতাই,
আমাৰ সপোনবোৰে খোজ কাঢ়িছে
স্বস্তিৰ নিশ্বাস পলুৱাবলৈ
কিনকিনীয়াকৈয়ে আহিবা…
খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ
প্ৰকৃতিৰ জগতক জীপাল কৰিবলৈ
তুমি খবৰ নোলোৱাকৈ নাথাকিবা
বৰষা, তুমি বাৰে বাৰে ভুমুকি মাৰিবা।