উত্তৰ প্ৰদেশৰ হাথৰছৰ পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ হাথৰছৰ পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ হাথৰসত এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি পাইছে। মঙলবাৰৰ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।  উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নাৰায়ণ শংকৰ বিশ্ব হৰি নামেৰে জনাজাত ভোলে বাবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেইবালাখ ভক্তই এই অনুষ্ঠানত ভিৰ কৰিছিল। প্ৰশাসনৰ অনুমতিতকৈ ইয়াত বহু গুণ অধিক ভক্তৰ সমাগম হয়।। কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে। এই ঘটনা ছিকান্দ্ৰৰাই কোটৱালী অঞ্চলৰ জিটি ৰোডৰ ফুলৰাই গাঁৱত সংঘটিত হৈছে। ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল অতি কমেও ৪০ হাজাৰ লোক। ইমান বৃহৎ সংখ্যক লোক উপস্থিত থকাৰ পাছতো তাত নাছিল কোনো পৰ্যাপ্ত ব্যৱস্থা। নাছিল সুৰক্ষামূলক ব্যৱস্থা।একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, সৎসংগৰ বাবে যি পেণ্ডেল নিৰ্মাণ কৰা হৈছিল, সেয়া ঘেৰি ৰখা হৈছিল। ফেনৰ কোনো ব্যৱস্থা নাছিল। পেণ্ডেল খোলা হ’লেও আৰ্দ্ৰতা আৰু গৰমৰ বাবে অস্বস্তিত ভুগিছিল উপস্থিত লোকসকল। ফলত সৎসংগ শেষ হোৱাৰ পিছতে দৌৰাদৌৰিকৈ পেণ্ডেলৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিল সকলোৱে। বহু লোকে এই দুৰ্ঘটনাৰ বাবে আয়োজকক দোষাৰোপ কৰিছে। কোনোৱে পুলিচ-প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে। দুৰ্ঘটনাস্থলীৰ পৰা হতাহত আটাইকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। হাস্পতালৰ চৌদিশে এতিয়া মৃতদেহ, কান্দোনৰ ৰোল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাথৰছৰ এই ঘটনাত দুখ প্ৰকাশ কৰিছে। ক্ষতিপূৰণো ঘোষণা কৰা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে, সৎসংগৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। তদন্তৰ বাবে আৰক্ষীৰ বিশেষ কমিটীও গঠন কৰা হৈছে। ইফালে আজি এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইয়াৰোপৰি যিসকল আহত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোককো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।