ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ছিঙিলে মাজুলী আউনীআটী সত্ৰৰ সমীপৰ জুগুনিধাৰীত মথাউৰি

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ছিঙিলে মাজুলী আউনীআটী সত্ৰৰ সমীপৰ জুগুনিধাৰীত মথাউৰি ; থিতাতে উটুৱাই নিলে দুটি পৰিয়ালৰ সা-সম্পত্তি

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  শণিবাৰে হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে মাজুলীৰ মথাউৰিৰ বাহিৰৰ গাঁও সমূহ‌ নিশাৰ ভিতৰতে জলমগ্ন হৈ পৰে। জিলাখনত উজনি পৰা নামনি লৈকে প্ৰায় অৰ্ধ শতাধিক গাওঁ দেওবাৰে পুৱাৰ ভাগলৈ জলমগ্ন হয়  । বহু লোকৰ ঘৰৰ ভিতৰত এককাল , এবুকু পৰ্যন্ত  পানী উঠে । শণিবাৰে বিয়লিৰ পৰা জিলা প্ৰশাসনে নিমাতী মাজুলী সকলো ফেৰী সেৱা বন্ধ কৰি ৰাখিছে । পূৱ মাজুলীৰ মথাউৰিৰ বাহিৰৰ চিনাতলি, বনৰীয়া চাপৰি, গ্ৰেজিং কৈৱৰ্ত, বগৰীগুৰি , কলনিবাৰী, মেৰাগড়, যোগী গাঁও, শালমৰা কামজান, বৃহত্তৰ শালমৰা, অফলামুখ, দক্ষিণপাট কৈৱৰ্ত, দক্ষিণপাট কুমাৰ গাওঁ আদি গাওঁ সমূহত প্ৰলয়ংকাৰী বানে ঘৰ দুৱাৰ, পশু ধন, কৃষি আদি বিস্তৰ ক্ষতি সাধন কৰে । নৈপৰীয়া শালমৰাৰ এক নং স্পাৰৰ ভিতৰ আৰু বাহিৰৰ প্ৰতিঘৰ মানুহৰ ঘৰ দুৱাৰ সকলো সা সম্পত্তি পানীত ডুব যায় ।

পশুধন সমূহে আশ্ৰয় লয় ওখ ঠাইত । মাজুলীৰ আয়ুস ৰেখা স্বৰূপ বেচামৰা – হালধিবাৰী মথাউৰী বহু ঠাইত বহি যোৱাত সংকিত হৈ উজাগৰি নিশা কটাব লগীয়া হয় মথাউৰীৰ দাঁতি-কাষৰীয়া গাঁৱৰ ৰাইজ ।  ইফালে কালি সন্ধ্যা জিলাখনৰ দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত আউনীআটী সত্ৰৰ সমীপৰ যুগুনিধাৰী(আলিমূৰ) ত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে কালি সন্ধ্যা মথাউৰি ছিঙাৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰি বিস্তৰ ক্ষতি সাধন কৰে । মথাউৰি চিঙা অংশৰ সন্মুখৰ দুটি পৰিয়ালৰ বাসগৃহৰ লগতে প্ৰায় সকলোবোৰ সা-সম্পত্তি উটুৱাই নিয়ে । মুঠ সাতটি পৰিয়ালৰ সা সম্পত্তি বিস্তৰ ক্ষতি সাধন হয় ।  পৰিস্থিতিৰ বুজ লৈ জিলা আয়ুক্ত কাবেৰী বি শৰ্মাই SDRF , NDRF , দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলি থকা উদ্ধাৰ অভিযান আৰু বিভিন্ন বিভাগীয় কাম কাজ সমূহ নিৰীক্ষণ কৰে । দুৰ্যোগৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মাজুলী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলকে ধৰি স্থানীয় বিধায়ক ভুৱন গাম উপস্থিত হৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ।

ছিঙা অংশ পৰিদৰ্শন কৰি আউনীআটী সত্ৰৰ  সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে বানাক্ৰান্ত সকলৰ কাষত ঠিয় দি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা লোক সকলক অন্ন বস্ত্ৰ আদি দান কৰাৰ লগতে সত্ৰাধিকাৰ গৰাকীয়ে জি’অ বেগ দি হ’লেও সুতিটো বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগলৈ আহ্বান জনাই । বিয়লিলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনোজ পেগুৱে জিলাখনৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মথাউৰি চিঙা অংশ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লৈ বিভাগৰ বিষয় ববীয়া সকলৰ সৈতে  আলোচনাত মিলিত হয়। মন্ত্ৰী গৰাকীক এই পৰিদৰ্শন কালত সংগ দিয়ে বিধায়ক ভুৱন গাম , জিলা আয়ুক্ত ড০ কাবেৰী বি শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ বিষয় ববীয়া সকলে ।