নিমাতীৰ বানাক্ৰান্তৰ কাষত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম

নিমাতীৰ বানাক্ৰান্তৰ কাষত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ নিমাতীটো বছৰৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যাৰ বাবে নিমাতীৰ কেইবাখনো গাৱৰ ৰাইজ আৰু পশু একেলগে বসবাস কৰিবলৈ বাধ্য হৈছে। আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ যোৰহাট জিলা সমিতিৰ এটা সজাতি দ’ল নিমাতীৰ বান পৰিস্থিতিৰ বোজ লোৱাৰ লগতে ভিতৰ ককিলা, ডাইনী গাওঁ , কুমাৰ গাওঁ, ন-আলি চিগা আদি কেইবাখনো গাৱৰ ৰাইজৰ বাবে সাধ্য অনুযায়ী কিছু সাহায্য বিতৰণ কৰে। জিলা সমিতিৰ বিষয়ববীয়া সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আন সদাসয় ব্যক্তি সকলকো সাধ্য অনুযায়ী বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনায়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ যোৰহাট জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে দীপজ্যোতি দাস আৰু অমৃতপ্ৰান দাস, সহ সম্পাদক অজয় দাস, ৰবি হাজৰিকা, কাৰ্যনিৰ্বাহক সদস্য দিগন্ত ৰহিদাস আৰু নিমাতী আঞ্চলিক সমিতিৰ সভাপতি উজ্জ্বল জ্যোতি দাসে এই উদ্যোগত বিশেষ পদক্ষেপ লয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা সমিতিৰ এই পদক্ষেপক বিভিন্ন জনে সলাগ জনায়।